ভাৰতৰ স্পেচ ৰিচাৰ্জ অৰ্গেনাইজ্যেচন চমুকৈ ISRO এ মুকলি কৰিছে অত্যাধুনিক প্ৰযুক্তিৰে এক নতুন উপগ্ৰহ RISAT-2B।নতুন উপগ্ৰহে অতিমাত্ৰা ডাৱৰ আৰু বৰষুণক নেওচিও শক্ৰলৈ ৰাখিব পাৰিব নজৰ। এই নতুন উপগ্ৰহৰ সহায়ত এতিয়া শত্ৰুৰ ওপৰত চোকা দৃষ্টি ৰখাৰ লগতে যিকোনো বিপৰ্যয়ৰ সময়ত সঠিক তথ্য সংগ্ৰহত সহায়ক হ’ব।
বুধবাৰে ভাৰতৰ স্পেচ ৰিচাৰ্জ অৰ্গেনাইজ্যেচন চমুকৈ ISRO এ RISAT-2B (Radar Imaging Satellite-2B) উপগ্ৰহৰ সফল প্ৰক্ষেপন কৰি আকৌ এবাৰ ইতিহাস ৰচনা কৰিলে। তামিলনাডুৰ শ্ৰীহৰিকোটাৰ পৰা প্ৰক্ষেপন কৰিলে RISAT-2B উপগ্ৰহটো। এই প্ৰক্ষেপন PSLB-C46 ৰ পৰা কৰা হৈছে।

উল্লেখ কৰা হৈছে যে ISRO–এ মুকলি কৰা এই নতুন উপগ্ৰহটো ৫৫৫ কিলোমিটাৰ উচ্চতাত স্থাপন কৰা হ’ব। সেইদৰে উপগ্ৰহটোত synthetic aperture radar সংযোজিত হৈ থাকিব, যাৰ জৰিয়তে এই চেটেলাইটে যিকোনো পৰিস্থিতিতে ফটো লব পাৰিব। ISRO ৰ এই নতুন উপগ্ৰহটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰিছে ISRO–ৰ চেয়াৰমেন কে শিৱানে।

সামৰিক দিশৰ লগতে এই ‘ৰাজাৰ ইমেজিং’ উপগ্ৰহটোৱে পৰ্যবেক্ষণ,কৃষি,বন আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰটো সহায়ক হ’ব। এই নতুন উপগ্ৰহটোৱে এতিয়াৰ পৰা পাকিস্তান সীমান্তৱৰ্তী এলেকাত ৰাখিব চোকা দৃষ্টি।

ইয়াৰ আগতে ভাৰতে ২০০৯ চনত RISAT-2 আৰু ২০১২ চনত RISAT–1 উপগ্ৰহ প্ৰক্ষেপন কৰিছিল। যাৰ সহায়ত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কৰা ছাৰ্জিকেল ষ্ট্ৰাইকৰ পৰিকল্পনা কৰা হৈছিল।
Published by: Dulu Medhi
FIRST PUBLISHED : May 22, 2019, 11:33 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।