দেওবাৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰো(ISRO)ৰ আটাইতকৈ গধুৰ ৰকেট এলভিএম3-এম2/ৱানৱেব ইণ্ডিয়া-1 অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাস্থিত স্পেচপোৰ্ট (মহাকাশ কেন্দ্ৰ)ৰ পৰা উৎক্ষেপণ কৰা আৰু ব্ৰিটেইনস্থিত গ্ৰাহকৰ বাবে ৩৬ টা ব্ৰডবেণ্ড যোগাযোগ উপগ্ৰহবোৰক নিম্ন কক্ষপথত (এলইঅ’) স্থাপন কৰা হয়।
উল্লেখযোগ্য যে, মহাকাশ বিভাগৰ অধীনৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ ‘নিউ স্পেচ ইণ্ডিয়া লিমিটেডে’ (NSIL) ইয়াৰ পূৰ্বে ইছৰোৰ এলভিএম3 বোৰ্ডত ৱানৱেব লিঅ’ উপগ্ৰহ উৎক্ষেপণৰ বাবে লণ্ডনৰ মুখ্য কাৰ্যালয় নেটৱৰ্ক এক্সেছ এছ’চিয়েটেড লিমিটেডৰ (ৱানৱেব) সৈতে দুটা উৎক্ষেপণ সেৱা চুক্তি স্বাক্ষৰ কৰিছিল।
ৱানৱেব হৈছে এটা ব্যক্তিগত উপগ্ৰহ যোগাযোগ কোম্পানী য’ত ভাৰতৰ ‘ভাৰতী এণ্টাৰপ্ৰাইজেছ’ হৈছে এক মুখ্য বিনিয়োগকাৰী আৰু অংশীদাৰ। দেওবাৰে, ৪৩.৫ মিটাৰ দীঘল ৰকেটটো ২৪ ঘণ্টাৰ কাউন্টডাউনৰ (গণনাৰ) শেষত সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ দ্বিতীয় উৎক্ষেপণ পেডৰ পৰা পুৱা ১২ বাজি ৭ মিনিটত উৎক্ষেপণ কৰা হৈছিল। এই ৰকেটটোৰ মহাকাশলৈ ৮,০০০ কিলোগ্ৰাম পৰ্যন্ত উপগ্ৰহ কঢ়িয়াই নিয়াৰ ক্ষমতা আছে।
এলভিএম3ৰ প্ৰথম বাণিজ্যিক অভিযান আৰু উৎক্ষেপণ বাহনৰ সৈতে এনএছআইএলৰ প্ৰথম অভিযান হোৱা হেতুকে এই অভিযানটোৱে গুৰুত্ব বহন কৰিছে। ইছৰোৰ মতে, এই অভিযানত ৫,৭৯৬ কিলোগ্ৰাম ওজনৰ ৱানৱেবৰ ৩৬টা উপগ্ৰহৰ সৈতে মহাকাশলৈ যোৱা ই প্ৰথম ভাৰতীয় ৰকেট হৈ পৰিছে।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|