দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ অভিযানৰ শ্লোগানেৰে দেশত নিৰ্মিত আৰু থলুৱাভাৱে তৈয়াৰী বিভিন্ন সামগ্ৰী, উৎপাদিত বয়-বস্তুক প্ৰাধান্য দিয়াৰ ক্ষেতত অধিক জোৰ দিছে ৷
আত্মনিৰ্ভৰ ভাৰতৰ শ্লোগানৰ প্ৰতি অনুপ্ৰাণিত হৈ ঢেকীয়াজুলিৰ পলাশ পথাৰ গাঁওৰ এজন যুৱকে নিৰ্মাণ কৰিলে এটা ম'বাইল এপ৷ এপটোৰ নাম হৈছে পে' মেক্স (Pay Maxx)৷
ঢেকীয়াজুলিৰ এইজন ইকবাল হুছেইন নামৰ প্ৰতিভাৱান যুৱকে তৈয়াৰ কৰা পে মেক্স (Pay maxx ) এপটো ইতিমধ্যে গুগল প্লে' ষ্টোৰত Gogle play Storeত উপলব্ধ৷ গুগল পে, ফোন পে, ট্ৰো পেকে ধৰি ৰিছাৰ্জ এপসমূহৰ দৰেই ইকবালে বনোৱা এই Pay maxxএপটো৷
গুগল প্লে ষ্টোৰত এই এপটো বিনামূলীয়াকৈ উপলব্ধ ৷ ঢেকীয়াজুলিৰ এইজন ইকবাল হুছেইনে Pay Maxxএপটো তৈয়াৰ কৰি চমক দিবলৈ সক্ষম হৈছে৷ বিগত জুন মাহৰ পৰাই এই মবাইল এপটো আৰম্ভ হৈছে৷ এপটোৱে যথেষ্ট সঁহাৰিও লাভ কৰা দেখা গৈছে।
এই এপটোৰে আপুনি ম'বাইল ৰিছাৰ্জ, ডিটিএইচ ৰিচাৰ্জ, গেছৰ বিল ,ইঞ্চুৰেন্স, পানী বিলকে ধৰি অনান্য বিল দিব পৰা যায়। ইয়াৰ বিনিময়ত কমিছনো লাভ কৰাৰ সুবিধা আছে। ইয়াৰ জৰিয়তে ৰিছাৰ্জ কৰিলে ৪ শতাংশ কমিচন লাভ কৰিব পাৰে। একেদৰে উৎসৱৰ অফাৰ আদিও থাকিব৷
ইকবাল হুছেইনে জনোৱা মতে, উক্ত ম'বাইল এপটোৰে পৰৱৰ্তী সময়ত ৰাইজক অধিক সুবিধা প্ৰদান কৰিবলৈ প্ৰচেষ্টা অব্যাহত আছে আৰু শীঘ্ৰে আন আন এপক ফেৰ মাৰিব পৰাকৈ উন্নত হ'ব Pay Maxx।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|