• Home
  • »
  • News
  • »
  • technology
  • »
  • বেটাৰী আৰু ইন্ধন শেষ! ৮ বছৰৰ পাছত মহাকাশৰ পৰা বিদায় ল'ব ভাৰতৰ মঙলযানে

বেটাৰী আৰু ইন্ধন শেষ! ৮ বছৰৰ পাছত মহাকাশৰ পৰা বিদায় ল'ব ভাৰতৰ মঙলযানে

ইছৰোৰ এজন বিষয়াই কয় যে, মাৰ্চ অৰ্বিটৰ বাহনে প্ৰায় ৮ বছৰলৈকে কাম কৰিলে যি মাথো ছমাহৰ ক্ষমতাৰে নিৰ্মাণ কৰা হৈছিল।

ইছৰোৰ এজন বিষয়াই কয় যে, মাৰ্চ অৰ্বিটৰ বাহনে প্ৰায় ৮ বছৰলৈকে কাম কৰিলে যি মাথো ছমাহৰ ক্ষমতাৰে নিৰ্মাণ কৰা হৈছিল।

ইছৰোৰ এজন বিষয়াই কয় যে, মাৰ্চ অৰ্বিটৰ বাহনে প্ৰায় ৮ বছৰলৈকে কাম কৰিলে যি মাথো ছমাহৰ ক্ষমতাৰে নিৰ্মাণ কৰা হৈছিল।

  • Share this:
ভাৰতৰ মঙলযানৰ ইন্ধন শেষ হৈছে আৰু ইয়াৰ বেটাৰী এক সুৰক্ষিত সীমাতকৈ অধিক সময়লৈকে চলাৰ পাছত সমাপ্ত হৈছে। এই ঘটনাৰ ফলত বহু সংকট তীব্ৰ হৈ গৈছে যে আন্তঃগ্ৰহ অভিযানে অৱশেষত ইয়াৰ দীঘলীয়া ইনিংছ সম্পূৰ্ণ কৰিছে বুলি অনুমান কৰা হৈছে।

উল্লেখ্য যে, ২০১৩ চনৰ ৫ নবেম্বৰত ৪৫০ কোটি টকা ব্যয়সাপেক্ষে ‘মাৰ্চ অৰ্বিটৰ মিছন’ (এমঅ’এম) পিএছএলবি–চি ২৫ উৎক্ষেপণ কৰা হৈছিল আৰু বৈজ্ঞানিকসকলে এই মহাকাশযানক ইয়াৰ প্ৰথম প্ৰয়াসতে ২৪ ছেপ্তেম্বৰ ২০১৪ত সফলতাৰে মঙল গ্ৰহৰ কক্ষত স্থাপিত কৰিছিল।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ এক সূত্ৰই দেশৰ সংবাদ সংস্থা পিটিআইক জনায় যে, ‘এতিয়া, কোনো ইন্ধন বাকী নাই’; উপগ্ৰহৰ বেটাৰী ইতিমধ্যে শেষ হৈছে আৰু ইয়াৰ সৈতে সম্পৰ্ক বন্ধ হৈছে।’ অৱশ্যে, এই সন্দৰ্ভত ইছৰোৰ পৰা আনুষ্ঠানিকভাৱে কোনো ঘোষণা কৰা হোৱা নাই। ইছৰোৱে আগতে বাহনখনক এটা নতুন কক্ষপথলৈ স্থানান্তৰ কৰিবলৈ চেষ্টা কৰি আছিল যাতে আসন্ন গ্ৰহণৰ পৰা বাচিব পাৰে। বিষয়াসকলে নাম প্ৰকাশ নকৰাৰ চৰ্তত কয় যে, ‘'শেহতীয়াকৈ এটাৰ পিছত আনটো গ্ৰহণ হৈছিল, যাৰ ভিতৰত এটা গ্ৰহণ চাৰে সাত ঘণ্টা ধৰি চলিছিল।’'

আনহাতে, অন্য এগৰাকী বিষয়াই কয় যে যিহেতু উপগ্ৰহটোৰ বেটাৰী মাত্ৰ ১ ঘণ্টা আৰু ৪০ গ্ৰহণৰ ম্যাদৰ বাবে ডিজাইন কৰা হৈছিল, সেয়েহে এক দীঘলীয়া সময় গ্ৰহণ লগাৰ বাবে বেটাৰী প্ৰায় শেষ হৈছে। ইছৰোৰ বিষয়াজনে কয় যে, মাৰ্চ অৰ্বিটৰ বাহনে প্ৰায় ৮ বছৰলৈকে কাম কৰিলে যি মাথো ছমাহৰ ক্ষমতাৰে নিৰ্মাণ কৰা হৈছিল। উপগ্ৰহটোৱে ইয়াৰ কাম ভালদৰে কৰিছিল আৰু গুৰুত্বপূৰ্ণ বৈজ্ঞানিক ফলাফল লাভ কৰিছিল বুলি ইছৰোৰ বিষয়াজনে কয়।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি