ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (Indian Space Research Organisation (ISRO)ই দেওবাৰে পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ আৰু এটা ছাত্ৰ উপগ্ৰহ কঢ়িয়াই নিয়াৰ প্ৰথমখন ক্ষুদ্ৰ উপগ্ৰহ উৎক্ষেপণ বাহন (Small Satellite Launch Vehicle) চমুকৈ SSLV উৎক্ষেপণ কৰে। প্ৰতিযোগিতামূলক SSLV বজাৰত বৃহৎ অংশ লাভ কৰিবলৈ ইছৰ’ৱে ৫০০ কিলোগ্ৰাম পৰ্যন্ত ওজনৰ উপগ্ৰহসমূহক ৫০০ কিলোমিটাৰ পৃথিৱীৰ নিম্ন কক্ষপথত স্থাপন কৰাৰ এক অভিযান আৰম্ভ কৰিছে।
ইছৰ’ৱে দেওবাৰে নিজৰ ৱেবছাইটত কয় যে, “SSLV-D1/EOS-02 মিছন: কাউণ্টডাউন আৰম্ভ হৈছিল ০২.২৬ বজাত। পুৱা ৯:১৮ বজাত আছিল উৎক্ষেপণ কৰাৰ সময়।” উৎক্ষেপণৰ ১৩ মিনিট পিছতে বাহনখনে দুটা উপগ্ৰহক কক্ষপথত স্থাপন কৰাৰ কথা।
উল্লেখ্য যে SSLVয়ে কঢ়িয়াই নিছে EOS-02 আৰু AzaadiSAT উপগ্ৰহ দুটা কঢ়িয়াই নিছে। AzaadiSAT (আজাদিছেট) হৈছে ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে দেশৰ বিভিন্ন চৰকাৰী বিদ্যালয়ৰ ছাত্ৰীসকলে ডিজাইন কৰা ৮ কিলোগ্ৰাম ওজনৰ কিউবছেট।
EOS-02ৰ উদ্দেশ্য হৈছে ভূ-পৰিৱেশ অধ্যয়ন, বন, জলবিজ্ঞান, কৃষি, মাটি, আৰু উপকূলীয় অধ্যয়নৰ ক্ষেত্ৰত সহায়ক প্ৰয়োগৰ দিশত তাপ সম্পৰ্কীয় বিজুতিৰ ওপৰত ইনপুট প্ৰদান কৰা।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|