কৰোনা ভাইৰাছে সমগ্ৰ পৃথিৱীত ধ্বংসময় পৰিৱেশৰ সৃষ্টি কৰিছে। এনে পৰিস্থিতিত, ভেকছিনক কৰোনাৰ বিৰুদ্ধে আটাইতকৈ গুৰুত্বপূৰ্ণ অস্ত্ৰ হিচাপে গণ্য কৰা হয়। কৰোনাৰ প্ৰতিকাৰক ৰূপে গোটেই বিশ্বত কেইবা প্ৰকাৰৰ ভেকছিন নিৰ্মাণ কৰা হৈছিল আৰু বৰ্তমানলৈকে ভেকছিনৰ ২–৩ টা ড’জ মানুহে লৈছে। ভাৰতৰ ফাৰ্মাচিউটিকেল কোম্পানী ভাৰত বায়’টেকে বিগত বৰ্ষত ন’জেল ভেকছিন নিৰ্মাণ কৰি উলিয়াইছিল। ভাৰত বায়’টেকে আগন্তুক ২৬ জানুৱাৰীৰ পৰা দেশৰ লোকসকলক প্ৰথম ইণ্ট্ৰানেজাল কোভিড-19 ভেকছিন 'ইনকোভেক' দিয়া আৰম্ভ কৰিব। এই তথ্য শনিবাৰে কোম্পানীটোৰ অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক কৃষ্ণ ইল্লাই দিয়ে।
ভূপালত অনুষ্ঠিত ইণ্ডিয়া ইণ্টাৰনেচনেল চাইন্স ফেষ্টিভেলত (আইআইএছএফ) শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰি ইল্লাই কয় যে, ‘গৰুবোৰক ছাল গোট খোৱা ৰোগৰ পৰা সুৰক্ষিত কৰিবলৈ আগন্তুক মাহত দেশীয়ভাৱে বিকশিত ভেকছিন ‘লাম্পি প্ৰভেক্টিণ্ড’ মুকলি কৰা হ’ব। তেওঁ মৌলানা আজাদ নেচনেল ইনষ্টিটিউট অৱ টেকন’লজী (মেনিট)ত আয়োজিত আইআইএছএফৰ ‘‘ফেচ টু ফেচ উইথ নিউ ফ্ৰণ্টিয়াৰ ইন চাইন্স’’ত অংশগ্ৰহণ কৰে।
অনুষ্ঠানটোৰ বিৱৰণ দি কৃষ্ণ ইল্লাই কয় যে, ‘‘আমাৰ ন’জেল ভেকছিন ২৬ জানুৱাৰীত গণৰাজ্য দিৱসত আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব।’’ ভাৰত বায়’টেকে বিগৰ বৰ্ষৰ ডিচেম্বৰ মাহত ঘোষণা কৰিছিল যে ই ইণ্ট্ৰানেজাল কোভিড-19 ভেকছিন 'ইনকোভেক' চৰকাৰক প্ৰতি পালিত ৩২৫ টকাৰ মূল্যৰ বিক্ৰীৰ লগতে ব্যক্তিগত টিকাকৰণ কেন্দ্ৰৰ বাবে, ইয়াৰ প্ৰতিটো পালিৰ বাবে ৮০০ টকা ব্যয় হ’ব বুলি ঘোষণা কৰিছিল।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|