• Home
  • »
  • News
  • »
  • technology
  • »
  • ২০২৩-২৪ৰ ভিতৰত দেশত আৰম্ভ হ’ব 6G, ব্যৱহাৰ হ’ব নিজা প্ৰযুক্তি 

২০২৩-২৪ৰ ভিতৰত দেশত আৰম্ভ হ’ব 6G, ব্যৱহাৰ হ’ব নিজা প্ৰযুক্তি 

5G spectrum নিলাম ২০২২চনৰ মাজৰ পৰা আৰম্ভ হ’ব। Telecom Regulatory Authority of Indiaই দিশত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে।

  • Share this:
২০২৩ বৰ্ষৰ শেষত নতুবা ২০২৪ৰ আৰম্ভণিতে নিজা প্ৰযুক্তি ব্যৱহাৰৰে দেশত আৰম্ভ হ’ব 6G সেৱা। দিল্লীত মঙলবাৰে এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। মন্ত্ৰীগৰাকীয়ে দিল্লীৰ এক সংবাদ গোষ্ঠীৰে অনুষ্ঠিত কৰা “New Technology and the Green Economy: Two Trends Shaping a New India” শীৰ্ষক এখন ৱেবিনাৰত অংশগ্ৰহণ ভাৰতবৰ্ষৰ নিজা প্ৰযুক্তিৰ সহায়ত এই সেৱা মুকলি কৰা হ’ব বুলি সদৰী কৰে। এই প্ৰযুক্তি উদ্ভাৱন কৰিবলৈ ইতিমধ্যে বিজ্ঞানী আৰু অভিযন্তাসকলক অনুমতি প্ৰদান কৰা হৈছে বুলিও জনায় মন্ত্ৰীগৰাকীয়ে।

এই বিষয়ে বিশদ বৰ্ণনা আগবঢ়াই মন্ত্ৰীগৰাকীয়ে কয় – দেশত প্ৰস্তুত হোৱা telecom software, দেশীয় telecom সঁজুলি আৰু দেশৰ networkৰে এই সেৱা আগবঢ়োৱা হ’ব। অৱশ্যে কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে 5G spectrumৰ নিলামৰ প্ৰক্ৰিয়া আৰম্ভ কৰা নাই। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী গৰাকীয়ে কয় – 5G spectrumৰ নিলাম ২০২২চনৰ মাজৰ পৰা আৰম্ভ হ’ব। Telecom Regulatory Authority of Indiaই দিশত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে বুলিও সদৰী কৰে মন্ত্ৰীগৰাকীয়ে।

Assam News Today | News in Assamese | Latest News in Assamese
Published by:Sanjay Kumar Das
First published: