• Home
  • »
  • News
  • »
  • technology
  • »
  • সামাজিক মাধ্যমত ভাইৰেল গাওঁবাসীয়ে মাটিৰ তলৰ পৰা পানী উলিওৱাৰ এক নতুন উপায়; বিভিন্নজনৰ প্ৰশংসা

সামাজিক মাধ্যমত ভাইৰেল গাওঁবাসীয়ে মাটিৰ তলৰ পৰা পানী উলিওৱাৰ এক নতুন উপায়; বিভিন্নজনৰ প্ৰশংসা

ভাইৰেল হোৱা এই ভিডিঅ’টোত গাওঁবাসীয়ে উপায় প্ৰযুক্তিৰ সহায়েৰে বিদ্যুত উৎপাদন কৰিছে আৰু পাছত ইয়াৰে মাটিৰ তলৰ পৰা পানী উলিয়াই খেতি কৰা দেখা পোৱা গৈছে।

ভাইৰেল হোৱা এই ভিডিঅ’টোত গাওঁবাসীয়ে উপায় প্ৰযুক্তিৰ সহায়েৰে বিদ্যুত উৎপাদন কৰিছে আৰু পাছত ইয়াৰে মাটিৰ তলৰ পৰা পানী উলিয়াই খেতি কৰা দেখা পোৱা গৈছে।

ভাইৰেল হোৱা এই ভিডিঅ’টোত গাওঁবাসীয়ে উপায় প্ৰযুক্তিৰ সহায়েৰে বিদ্যুত উৎপাদন কৰিছে আৰু পাছত ইয়াৰে মাটিৰ তলৰ পৰা পানী উলিয়াই খেতি কৰা দেখা পোৱা গৈছে।

  • Share this:
জোগাৰ বা উপায় এটা কৌশল নহয়, ইয়াৰ জৰিয়তে মানুহে বহু কঠিন তথা ডাঙৰ কাম সহজ কৰি তুলিব পাৰে। ‘প্ৰয়োজনীয়তাই আৱিষ্কাৰৰ মূল’ এই কথাষাৰৰ বিষয়ে সকলোৱে জ্ঞাত। যেতিয়াই এজন ব্যক্তিক কিবা বস্তুৰ প্ৰয়োজন হয় তেতিয়া সেইটো পাবলৈ তেওঁ বহু নতুন নতুন উপায় উদ্ভাৱন কৰে। আজিকালি মানুহে নিজৰ কাম সহজ কৰিবলৈ বহুত ধৰণৰ উপায় বিচাৰি লোৱা দেখা যায়। শেহতীয়াকৈ এটা ভিডিঅ’ ভাইৰেল হৈছে যিটো দেখি সকলোৱে এখন গাঁৱৰ গাওঁবাসীৰ অদ্ভুদ উপায়ৰ প্ৰশংসা কৰিছে।

উপায় প্ৰযুক্তিৰ সহায়ত মানুহে নিজৰ কাম কম সময় আৰু সম্পদৰ জৰিয়তে সম্পূৰ্ণ কৰিব পাৰে। বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ’টো চাই এই বিষয়ে অনুমান কৰিব পাৰি, য’ত গাওঁবাসীয়ে মাটিৰ তলৰ পৰা পানী আহৰণ কৰিবলৈ আশ্চৰ্যজনক এক বিশেষ উপায় ব্যৱহাৰ কৰা দেখা পোৱা গৈছে যাক দেখাৰ পাছত এক মিনিটৰ বাবে সকলো স্তব্ধ তথা চিন্তাত পৰিব। ভাইৰেল হোৱা এই ভিডিঅ’টোত গাওঁবাসীয়ে উপায় প্ৰযুক্তিৰ সহায়েৰে বিদ্যুত উৎপাদন কৰিছে আৰু পাছত ইয়াৰে মাটিৰ তলৰ পৰা পানী উলিয়াই খেতি কৰা দেখা পোৱা গৈছে।

ভাইৰেল হৈ থকা এই ভিডিঅ'টোত, এটা গৰুৱে এটা আচহুৱা ট্ৰেডমিলত খোজ কাঢ়ি থকা দেখা পোৱা গৈছে যাৰ জৰিয়তে ওচৰত স্থাপন কৰা পাম্প এটাৰ পৰা পানী ওলাই অহা দেখিবলৈ পোৱা গৈছে। দৰাচলতে, গৰুটোৱে ট্ৰেডমিলত খোজ কঢ়াৰ বাবে মটৰ চলে যাৰ বাবে বিদ্যুৎ প্ৰস্তুত কৰা হয় আৰু তাৰ পিছত সেই বিদ্যুতৰ সৈতে পাম্পটো চলাই মাটিৰ তলৰ পৰা পানী আহৰণ কৰা হয়। এই কৌশলৰ সহায়ত পানীৰ যোগান ধৰা এই ভিডিঅ'টোৱে সঁচাকৈয়ে সকলোকে আচৰিত কৰি তুলিছে। অৱশ্যে, এই ভিডিঅ'টো নতুন নে পুৰণি সেই বিষয়ে বৰ্তমানলৈ কোনো তথ্য লাভ কৰিব পৰা যোৱা নাই।

সামাজিক মাধ্যমত এই ভিডিঅ'টো আইএএছ বিষয়া অৱনীশ শৰণে তেওঁৰ টুইটাৰ একাউণ্টত শ্বেয়াৰ কৰিছে। এই ভিডিঅ'টো মানুহে বহুত প্ৰচাৰ কৰিছে আৰু ভাল পাইছে। এই ভিডিঅ'টোৱে এতিয়ালৈকে ২ লাখ ৭১ হাজাৰৰো অধিক দৰ্শন লাভ কৰিছে। একে সময়তে এই ভিডিঅ'টোৱে এতিয়ালৈকে ১৩ হাজাৰৰো অধিক লাইক লাভ কৰিছে, এই প্ৰক্ৰিয়া বৰ্তমানেও অব্যাহত আছে। এই ভিডিঅ'টো দেখি ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ইয়াক ব্যাপক প্ৰশংসা কৰিছে।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি