মুখ্যপৃষ্ঠা »খবৰ »প্ৰযুক্তি »ক্ৰিপ্ট' এক্সচেঞ্জত কেনেদৰে কে.ৱাই.চিৰ সত্যাপন কৰিব পাৰি

ক্ৰিপ্ট' এক্সচেঞ্জত কেনেদৰে কে.ৱাই.চিৰ সত্যাপন কৰিব পাৰি

 আপুনি আপোনাৰ সময় লওক আৰু ইয়াত উল্লিখিত সকলো দফা ভালদৰে পঢ়ক যাতে আপোনাৰ ক্ৰিপ্ট’কাৰেন্সী বিনিয়োগ সুচল আৰু সফল হয়। শেষত, আপুনি এটা বিশ্বাসযোগ্য ক্ৰিপ্ট’কাৰেন্সী এক্সচেঞ্জ, যেনে ZebPay নিৰ্বাচন কৰি লওক, যি আপোনাৰ টকা সুৰক্ষিত কৰি ৰখাৰ উপৰিও সহজ বিনিয়োগ কৰাত আপোনাক সহায় কৰিব।

আপুনি আপোনাৰ সময় লওক আৰু ইয়াত উল্লিখিত সকলো দফা ভালদৰে পঢ়ক যাতে আপোনাৰ ক্ৰিপ্ট’কাৰেন্সী বিনিয়োগ সুচল আৰু সফল হয়। শেষত, আপুনি এটা বিশ্বাসযোগ্য ক্ৰিপ্ট’কাৰেন্সী এক্সচেঞ্জ, যেনে ZebPay নিৰ্বাচন কৰি লওক, যি আপোনাৰ টকা সুৰক্ষিত কৰি ৰখাৰ উপৰিও সহজ বিনিয়োগ কৰাত আপোনাক সহায় কৰিব।

আপুনি আপোনাৰ সময় লওক আৰু ইয়াত উল্লিখিত সকলো দফা ভালদৰে পঢ়ক যাতে আপোনাৰ ক্ৰিপ্ট’কাৰেন্সী বিনিয়োগ সুচল আৰু সফল হয়। শেষত, আপুনি এটা বিশ্বাসযোগ্য ক্ৰিপ্ট’কাৰেন্সী এক্সচেঞ্জ, যেনে ZebPay নিৰ্বাচন কৰি লওক, যি আপোনাৰ টকা সুৰক্ষিত কৰি ৰখাৰ উপৰিও সহজ বিনিয়োগ কৰাত আপোনাক সহায় কৰিব।

  • Share this:
ক্ৰিপ্ট' বিনিয়োগৰ বাঢ়ি অহা সামগ্ৰিক জনপ্ৰিয়তা আৰু বিটকইন আৰু ইথাৰ মুদ্ৰাৰ বহুল প্ৰচলনৰ পাছত ক্ৰিপ্ট’ৰ আশ্চৰ্যকৰ পৃথিৱীখনত প্ৰৱেশ কৰিবলৈ আমাৰ বাবে এয়াই উপযুক্ত সময়। কিন্তু ৰ'বচোন, আপুনি ব্যৱসায় আৰম্ভ কৰাৰ আগতে অথবা এজন পাৱাৰ ক্ৰিপ্ট' ব্যৱহাৰকাৰী হোৱাৰ আগতে এক গ্ৰাহক নিৰ্ণায়ক প্ৰক্ৰিয়া, অৰ্থাৎ কে.ৱাই.চি ( Know Your Customer, KYC) প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব।
ZebPayৰ দৰে ক্ৰিপ্ট' এক্সচেঞ্জত প্ৰথমৰ পৰাই এটা কঠোৰ কে.ৱাই.চিৰ কাৰ্যব্যৱস্থা হাতত লোৱা হয় যাতে বিনিয়োগকাৰীৰ পুঁজি সুৰক্ষিত কৰি ৰাখিব পাৰি। তদুপৰি ক্ৰিপ্ট' এক্সচেঞ্জ কৰোঁতে প্ৰয়োজনীয় কে.ৱাই.চি পৰীক্ষণৰ প্ৰক্ৰিয়াটোও ইয়াত তেনেই সহজ।

প্ৰথম পৰ্যায় 1 - নথিপত্ৰ সংগ্ৰহ

ক্ৰিপ্ট' এক্সচেঞ্জত এটা একাউন্ট খোলাৰ পাছত কে.ৱাই.চি পৰীক্ষণৰ বাবে নিম্নোক্ত নথিপত্ৰসমূহৰ প্ৰয়োজন-
PAN কাৰ্ড আৰু
ঠিকনাৰ প্ৰমাণপত্ৰ

ঠিকনাৰ প্ৰমাণপত্ৰৰ ভিতৰত যিকোনো নথিপত্ৰ, যেনে আধাৰ কাৰ্ড, পাচপৰ্ট, ড্ৰাইভিং লাইচেন্স নাইবা শেহতীয়া তিনিমাহৰ ভিতৰত আদায় দিয়া যিকোনো ব্যৱহাৰ্য সেৱাৰ বিল অন্তৰ্ভুক্ত। অধিক সবল ক্ৰিপ্ট' এক্সচেঞ্জ যেনে -ZebPayআদিয়ে আপোনাৰ একাউণ্ট পৰীক্ষণৰ বাবে cheque নাইবা বেংকৰ ষ্টেটমেন্টো বিচাৰে।

পৰ্যায় 2- আন প্ৰয়োজনীয় পাৰ হ'ব লগীয়া প্ৰক্ৰিয়া

আপোনাৰ নথিপত্ৰসমূহ সাজু হোৱাৰ পাছত সেইখিনি আপল'ড কৰাৰ আগত নিম্নোক্ত পৰ্যায় সমূহ পাৰ হ'ব লাগিব :

প্ৰথমেই ক্ৰিপ্ট' এক্সচেঞ্জৰ চেটিংছ পেজলৈ যাওক আৰু পৰিচয় সত্যাপন (verify identity) নাইবা কে.ৱাই.চি সম্পূৰ্ণ কৰক- টেবটো বিচাৰক।
তাৰপাছত, পোনপ্ৰথমে আপোনাৰ ফটো আই.ডিৰ প্ৰমাণপত্ৰ আপল'ড কৰিব লাগিব। আপোনাৰ ম’বাইল গেলাৰীৰ পৰা PAN Card-ৰ সবিশেষ আপল’ড কৰিব পাৰে অথবা আপোনাৰ ফোন কেমেৰাৰ সহায়ত তাৰ এখন ফটো তুলি আপল’ড কৰিব পাৰে।
ইয়াৰ পাছতেই আপোনাৰ ঠিকনা পৰীক্ষণৰ বাবে যিকোনো পৰিচয় পত্ৰ - আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্স, পাচপৰ্ট বা যিকোনো ব্যৱহাৰ্য সেৱাৰ বিল আদিৰ ভিতৰত যিকোনো এটা বাছনি কৰি আপল’ড কৰিব পাৰে।
মনত ৰাখিব আপুনি আপল’ড কৰা নথিপত্ৰসমূহৰ সম্পূৰ্ণ তথ্য বিৱৰণ থকাটো বাঞ্চনীয়। উদাহৰণস্বৰূপে. আপুনি আধাৰ কাৰ্ড আপল’ড কৰোতে কাৰ্ডখনৰ দুয়োটা পিঠিৰ ফটো আপল’ড কৰিব লাগে।
কে.ৱাই.চি বিতং তথ্য পূৰ কৰাটোও প্ৰক্ৰিয়াটোৰ অন্যতম অংশ। ইয়াৰ পাছৰ পৰ্যায়ত আহে বেংকৰ সবিশেষ পৰীক্ষণ আৰু সংযোগ। আপোনাৰ এক্সচেঞ্জ চেটিংছ পেজৰ পৰা বেংকিং বিকল্পটো বাচি লোৱাৰ পাছত তথ্যৰ সবিশেষ দিবৰ বাবে তাত দি থোৱা নিৰ্দেশনা মতে আগবাঢ়িব লাগিব।
আপোনাৰ বেংকৰ চেক নাইবা বেংক ষ্টেটমেন্টৰ ফটোও তথ্যপাতি সংগ্ৰহ প্ৰক্ৰিয়াত প্ৰয়োজন হ'ব পাৰে। এই প্ৰক্ৰিয়াও পেন কাৰ্ড আপল’ড কৰা প্ৰক্ৰিয়াৰ দৰে একেই। কিন্তু মনত ৰাখিব যাতে আপোনাৰ নাম, একাউণ্ট নাম্বাৰ আৰু আই এফ.এছ.চি ক'ড আদি স্পষ্ট হয়।

এই পৰ্যায়ৰ পাছতেই আপুনি আশ্চৰ্যকৰ ক্ৰিপ্ট’কাৰেন্সীৰ পৃথিৱীত খোজ দিব পাৰিব। আপুনি এতিয়া মাত্ৰ আপোনাৰ ক্ৰিপ্ট' এক্সচেঞ্জে কে.ৱাই.চি আৰু বেংকৰ তথ্যসমূহ গ্ৰহণ কৰালৈ অপেক্ষা কৰিব লাগিব।

পৰ্যায় 3- আপোনাক কে.ৱাই.চি কিয় লাগে

যিকোনো বিত্তীয় লেনদেনত কে.ৱাই.চি অত্যন্ত জৰুৰী। আনকি ক্ৰিপ্ট’কাৰেন্সীৰ ওপৰিও বেংক আৰু মিউচুৱেল ফান্দৰ ক্ষেত্ৰতো ইয়াক লাগে। কে.ৱাই.চিয়ে আপোনাৰ পৰিচয় আৰু আপোনাৰ বিশদ বিৱৰণৰ প্ৰমাণ হিচাপে কাম কৰি ক্ৰিপ্ট' বিনিময় কাৰ্যত সম্পূৰ্ণ সুৰক্ষা নিশ্চিত কৰে।

সেইবাবে, যিকোনো বিত্তীয় লেনদেনত প্ৰথমেই কে.ৱাই.চিৰ প্ৰয়োজন হয়। যেতিয়া আপোনাৰ কে.ৱাই.চি পৰীক্ষণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হয় তেতিয়া ক্ৰিপ্ট' বিনিময়ৰ বাবে আপুনি আপোনাৰ পৰিচয়, ঠিকনাৰ লগতে বিত্তীয় লেনদেনৰ তথ্য দাঙি ধৰিব লাগিব।আপোনাৰ তথ্যসমূহ যথাযথ আৰু শুদ্ধ প্ৰমাণিত হোৱাৰ পাছত আপুনি যিকোনো বেংকত আন টকাৰ বিনিময়ত ক্ৰিপ্ট’কাৰেন্সী কিনিব পাৰিব আৰু এইদৰেই ব্লকচেইনৰ আশ্চৰ্যকৰ পৃথিৱীত প্ৰৱেশ কৰিব।

পৰ্যায় 4- কে.ৱাই.চি প্ৰত্যাখ্যান হোৱাৰ সম্ভাৱনা কেনেকৈ হ্ৰাস কৰিব পাৰি

যিহেতু আপুনি কে.ৱাই.চিৰ গুৰুত্ব বুজি পাইছে সেয়ে এতিয়া আপুনি এইটো নিশ্চিত কৰিব লাগিব যাতে আপোনাৰ আবেদনখন ক্ৰিপ্ট' বিনিময়ত প্ৰত্যাখ্যান কৰা নহয়। যদিহে ওপৰত উল্লিখিত সকলো পৰ্যায় আপুনি ভালদৰে অনুকৰণ কৰিছে তেন্তে আপোনাৰ কে.ৱাই.চিৰ ক্ষেত্ৰত একো সমস্যা নহয়। কিন্তু তাৰ মাজতে কিছুমান আবেদন কেতিয়াবা গ্ৰহণ কৰা নহয়। কে.ৱাই.চি প্ৰত্যাখান নহ’বৰ বাবে তলৰ কথাসমূহ মন কৰিব :

প্ৰথমেই আপুনি আপল’ড কৰা ফটোখন ভালদৰে চাব। যদি কেতিয়াবা সেইখন অস্পষ্ট বা ধূসৰ হয় তেন্তে ক্ৰিপ্ট' এক্সচেঞ্জত আপোনাৰ তথ্য গ্ৰহণ কৰা নহ'ব আৰু কে.ৱাই.চি অগ্ৰাহ্য হ'ব।
ফটো পৰিচয় পত্ৰ - ড্ৰাইভিং লাইচেন্স, পাচপৰ্ট আদিৰ ম্যাদ যাতে উকলি যোৱা নাই সেইটো পৰীক্ষা কৰিব।
শেষত, আপোনাৰ বেংকৰ সবিশেষ যে শুদ্ধ সেইটো নিশ্চিত কৰিব আৰু আপোনাৰ তথ্য যেনে- বেংক একাউণ্ট নাম্বাৰ, আই.এফ.এছ.চি ক'ড আদি যাতে ষ্পষ্টকৈ ধৰিব পাৰি সেইটো মন কৰিব।

কে.ৱাই.চি ৰ আনুষ্ঠানিক প্ৰক্ৰিয়াসমূহ সম্পূৰ্ণ কৰাটো এটা সফল ক্ৰিপ্ট' সম্পদ লাভ কৰা প্ৰক্ৰিয়াৰ প্ৰথম পদক্ষেপ। এই প্ৰক্ৰিয়াৰ জৰিয়তে প্ৰথমেই পৰিচয় পৰীক্ষণ সম্পূৰ্ণ হোৱাৰ নিশ্চিতি পোৱা যায় যিটোৱে এটা উদ্যোগত ঠগবাজিৰ ঘটনাবোৰ কমাই ইয়াৰ বিকাশত সহায় কৰে।
আপুনি আপোনাৰ সময় লওক আৰু ইয়াত উল্লিখিত সকলো দফা ভালদৰে পঢ়ক যাতে আপোনাৰ ক্ৰিপ্ট’কাৰেন্সী বিনিয়োগ সুচল আৰু সফল হয়। শেষত, আপুনি এটা বিশ্বাসযোগ্য ক্ৰিপ্ট’কাৰেন্সী এক্সচেঞ্জ, যেনে ZebPay নিৰ্বাচন কৰি লওক, যি আপোনাৰ টকা সুৰক্ষিত কৰি ৰখাৰ উপৰিও সহজ বিনিয়োগ কৰাত আপোনাক সহায় কৰিব।

শেহতীয়া বাতৰি