গুগলে (Google) নিজৰ এনড্ৰইড ফোন ব্যৱহাৰকাৰীৰ বাবে দিছে এয়া বেয়া খবৰ। কিয়নো গুগলে এতিয়া 2.3.7 বা তাতকৈ কম ভাৰ্ছনত চলা এনড্ৰইড ফোনত ছাইন ইন ছাপ’ৰ্ট বন্ধ কৰিব। গুগলৰ কমিউনিটী পেজৰ পৰা জানিব পৰা গৈছে যে এই সালসলনি ২৭ ছেপ্টেম্বৰ অৰ্থাৎ আজিৰে পৰা কাৰ্যকৰী হ’ব।
পুৰণি ফোন ব্যৱহাৰকাৰীক ছেপ্টেম্বৰৰ পিছতো গুগল এপসমূহ অব্যাহত ৰাখিবলৈ কমেও এনড্ৰইড ৩.০ হনীকম্বত আপডেট কৰাৰ পৰামৰ্শ দিয়া হৈছে। ই চিষ্টেম আৰু এপ লেভেল ছাইন ইনক প্ৰভাৱিত কৰিব, কিন্তু ব্যৱহাৰকাৰীয়ে নিজৰ ফোনৰ ব্ৰাউজাৰৰ মাধ্যমেৰে জিমেইল, গুগল ছাৰ্চ, গুগল ড্ৰাইভ, ইউটিউব আৰু আন গুগল সেৱাত ছাইন ইন কৰাত সক্ষম হ’ব।
কিছুদিন পূৰ্বে 9to5Google–এ নিজৰ ৰিপ’ৰ্টত সেই ব্যৱহাৰকাৰীসকললৈ প্ৰেৰণ কৰা ই–মেইলৰ এক স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছে, যিসকল এই সালসলনিৰ ফলত প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে। এনে ব্যৱহাৰকাৰীৰ সখ্যা বহু কম যিয়ে এনড্ৰইডৰ পহু পুৰণি ভাৰ্ছনৰ ব্যৱহাৰ কৰে। গুগলে এই সালসলনি ব্যৱহাৰকাৰীৰ একাউণ্ট ছিকিউৰিটী আৰু ডাটা ছিকিউৰিটীৰ বাবে কৰিছে।
২৭ ছেপ্টেম্বৰৰ পৰা এনড্ৰইড ভাৰ্ছন 2.3.7 আৰু তাতকৈ কমত চলা ফোনত কোনো গুগল এপ ছাইন ইন কৰাৰ চেষ্টা কৰিলে, তেওঁ username বা password error দেখা পাব।