স্মাৰ্টফোন নিৰ্মাণ কোম্পানী এপলে (Apple) কিছুমান মডেলৰ দাম হ্ৰাস কৰিছে। য’ত আইফোন ১১, আইফোন ১২ (iPhone) আৰু আইফোন ১২ মিনি (iPhone 12 mini)ও আছে। এতিয়া আইফোন ১২ ছিৰিজৰ আইফোন ১২ মিনিৰ দাম ৪৯,০০০ টকাৰ পৰা আৰম্ভ হৈছে। নতুন দাম ষ্ট’ৰেজ আৰু কালাৰ ভেৰিয়েণ্টৰ ওপৰত নিৰ্ভৰ কৰে। ফোনৰ নতুন দাম ই–কমাৰ্চ ৱেবছাইট এমেজন আৰু ফ্লিপকাৰ্টত লাইভ হৈ গৈছে। ৰিপ’ৰ্ট অনুসৰি, এই দীম অস্থায়ীভাৱে হ্ৰাস কৰা হৈছে আৰু সেৱল সিমিত সময়ৰ বাবে উপলব্ধ।
যদি আপুনি নতুন আইফোন লোৱাৰ কথা ভাবিছে তেন্তে আপোনাৰ বাবে সুন্দৰ সুযোগ হ’ব পাৰে। আহক জানো Apple iPhoneৰ নতুন দামৰ বিষয়ে।
iPhone 12ৰ দাম ৫৯,৯৯৯ টকাৰ পৰা উপলব্ধ কৰোৱা হৈছে, যিটো ফ্লিপকাৰ্টত ইয়াৰ 64GB মডেলৰ দাম। ইয়াৰ নীলা ৰঙৰ ভেৰিয়েণ্টৰ দাম অলপ বেছি হৈ ৬০,৪৯৯ টকা, যিটো 64GB ষ্ট’ৰেজ ভেৰিয়েণ্টৰ।
আনহাতে, এমেজনৰ কথা ক’বলৈ গ’লে iPhone 12ৰ 64GB ষ্ট’ৰেজ ভেৰিয়েণ্ট ৬৩,৯০০ টকা আৰু 128GB ষ্ট’ৰেজ ভেৰিয়েণ্ট ৭০,৯০০ টকাত আগবঢ়োৱা হৈছে। ফ্লিপকাৰ্ডত ইয়াৰ 128GB ভেৰিয়েণ্টৰ দাম ৬৪,৯৯৯ টকা।
Apple iPhone 12 Miniৰ দাম কিমান কমিল
আইফোন ১২ মিনি ৯iPhone 12 Mini)ৰ গ্ৰাহকৰ বাবে এমেজনত এই ফোনটো ৪৯,৯৯৯ টকাত পলব্ধ কৰোৱা হৈছে, যিটো ক’লা, বগা আৰু নীলা ৰঙৰ বাবে।
আনহাতে, আইফোন ১২ মিনিৰ পাৰ্পল ৰঙৰ এডিচনৰ দাম ৫৩,৯০০ টকা, আৰু সেউজীয়া অপচনৰ দাম ৫৯,৯০০ টকা, যিটো 64GB ভেৰিয়েণ্টৰ বাবে। আনহাতে, 128GB ষ্ট’ৰেজ ভেৰিয়েণ্টৰ কথা ক’বলৈ গ’লে আইফোন ১২ মিনি ফোনটো ৫৪,৯৯৯ টকাত কিনিব পাৰিব, যিটো ইয়াৰ ৰঙা মডেলৰ বাবে। আনহাতে, এমেজনত ইয়াৰ সেউজীয়া অপচনৰ দাম ৬৪,৯০০ টকা।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|