সোণ ক্ৰয় কৰিব বিচৰাসকলৰ বাবে পুনৰ আহিছে সুখবৰ | যদিহে আপুনি বিবাহযোগ্য প্ৰাৰ্থী আৰু বিবাহৰ সোণ ক্ৰয় কৰিব বিচাৰে তেন্তে আপোনাৰ বাবে এয়াই হৈছে সঠিক সময়।
মল্টি কমডিটি এক্সেঞ্জত আজি পুৱা পুনৰ সোণৰ মূল্য হ্ৰাস পোৱা পৰিলক্ষিত হৈছে । লগতে হ্ৰাস পাইছে ৰূপৰ মূল্যও। এম চি এক্সত সোণৰ মূল্য মাৰ্চৰ ফিউচাৰ ট্ৰেণ্ডত ৩৯.০০ টকা হ্ৰাস পোৱাৰ ফলত ১০ গ্ৰাম সোণৰ মূল্য ৪৭,২১৭.০০ টকাৰ স্তৰত আছিল। তাৰ বিপৰীতে ৰূপৰ মূল্য মাৰ্চৰ ট্ৰেণ্ডত ১৩০ টকা হ্ৰাস পোৱাৰ ফলত ১ কেজি ৰূপৰ মূল্য আছিল ৬৮,৬০৮ টকাৰ স্তৰত।
এইখিনিতে লক্ষণীয় যে, বিগত ৬টা দিনৰ ভিতৰত ৫টা দিনতেই সোণৰ মূল্য ক্ৰমান্বয়ে হ্ৰাস পাইছে। যাৰ বাবে ২০২০ৰ আগষ্টৰ প্ৰতি ১০গ্ৰাম সোণৰ মূল্য অভিলেখ সংখ্যক ৫৬,২০০ টকাৰ বিপৰীতে বৰ্তমানে ৯০০০ টকা হ্ৰাস পাইছে।
যদিহে আন্তৰ্জাতিক বজাৰখনলৈ চোৱা হয় তেন্তে তাতো সোণৰ বিক্ৰী বিশেষভাৱে বৃদ্ধি পাইছে। সোমবাৰে আমেৰিকাত সোণৰ ব্যৱসায় ২.৯২ ডলাৰ হ্ৰাস হৈ ১,৮১১.২২ ডলাৰ প্ৰতি আউন্সলৈ হ্ৰাস পোৱাৰ বিপৰীতে ৰূপৰ ব্যৱসায় ০.০৩ ডলাৰৰ পৰা ২৬.৯৪ ডলাৰলৈ ব্যাপকভাৱে বৃদ্ধি পাইছে।
ৰাজধানী দিল্লীত সোণৰ মূল্য আজিৰ দিনটোত এনেধৰণৰ -
>> ২২ কেৰেট সোণৰ মূল্য- ৪৬,২২০ টকা
>> ২৪ কেৰেট সোণৰ মূল্য- ৫০,৪২০ টকা
>> ৰূপৰ মূল্য- ৬৮,৭০০ টকা
কিন্তু কিহৰ বাবে হ্ৰাস পাইছে সোণৰ, ৰূপৰ মূল্য ? দৰাচলতে শেহতীয়াকৈ সংসদত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে বাজেট ভাষণত সোণ আৰু ৰূপৰ ওপৰত আমদানি শুল্ক যথেষ্ট পৰিমাণে কৰ্তনৰ কথা উল্লেখ কৰিছিল আৰু সোণ আৰু ৰূপৰ ওপৰত আমদানি শুল্ক ৫% কৰ্তন কৰিছিল। ইয়াৰ বাবে পূৰ্বৰ সোণ আৰু ৰূপৰ ওপৰত ১২.৫ % আমদানি শুল্কৰ বিপৰীতে বৰ্তমান দিব লাগিব ৭.৫% আমদানি শুল্ক। যাৰ বাবে সোণ-ৰূপৰ মূল্য হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।
আটাইতকৈ ডাঙৰ কথাটো হ'ল এতিয়াৰ পৰা আপুনি সোণৰ শুদ্ধতাও পৰিক্ষা কৰিব পাৰিব । চৰকাৰে আপোনাৰ বাবে প্ৰস্তুত কৰিছে এটা এপ। BIS-Care Appৰ জৰিয়তে আপুনি সোণৰ শুদ্ধতা পৰীক্ষা কৰিব পাৰিব। কেৱল শুদ্ধতা পৰীক্ষাই নহয় এই এপৰ জৰিয়তে দাখিল কৰিব পাৰিব ইয়াৰ লগত জড়িত অভিযোগ সমূহ।
এই এপত যদিহে সামগ্ৰীবিধৰ অনুজ্ঞা পত্ৰ,পঞ্জীয়ণ আৰু হ'লমাৰ্ক ভুল হিচাপে প্ৰমাণিত হয় তেন্তে ইয়াৰ অভিযোগ দাখিল কৰিব পাৰিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|