কালি গুৱাহাটীত মুকলি হ'ল ৰিলায়েন্স জিঅ'ৰ 5G সেৱা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে এই সেৱা। 5G সেৱা মুকলিৰ পিছতে শক্তিপীঠ কামাখ্যাত জিঅ'ৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে বিনামূলীয়া 5G ৱাই ফাই সেৱা। ভক্তৰ লগতে দেৱালয় কৰ্তৃপক্ষৰ সুবিধাৰ্থে এই বিনামূলীয়া সেৱা আগবঢ়োৱা হৈছে।
ৰিলায়েন্স জিঅ'ৰ এই পদক্ষেপক আদৰণি তথা ধন্যবাদ জনাইছে কামাখ্যা মন্দিৰৰ বৰ দলৈ কবীন্দ্ৰ শৰ্মাই। ইয়াৰ জৰিয়তে মন্দিৰ কৰ্তৃপক্ষ তথা মা কামাখ্যাৰ ভক্তসকল বহু উপকৃত হ'ব বুলি মন্তব্য কৰে শৰ্মাই।
মন কৰিবলগীয়া যে, ভক্তৰ প্ৰচূৰ সমাগমৰ বাবে কামাখ্যা ধামত নেটৱৰ্কৰ ক্ষেত্ৰত প্ৰায়েই অসুবিধা পৰিলক্ষিত হৈছিল। ৰিলায়েন্স জিঅ'ৰ এই পদক্ষেপে নেটৱৰ্কৰ সমস্যা দূৰ কৰাত সহায়ক হ'ব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|