• Home
  • »
  • News
  • »
  • technology
  • »
  • Why Phones Explode: সাৱধান! এই পাঁচটা কাৰণত আপোনাৰ স্মাৰ্টফোনৰ বেটাৰীৰ বিস্ফোৰণ হ'ব পাৰে, কি কৰা সমীচীন?

Why Phones Explode: সাৱধান! এই পাঁচটা কাৰণত আপোনাৰ স্মাৰ্টফোনৰ বেটাৰীৰ বিস্ফোৰণ হ'ব পাৰে, কি কৰা সমীচীন?

অত্যধিক গৰম হোৱাৰ ফলত বেটাৰিৰ কোষবোৰ অস্থিৰ হৈ পৰে। ই কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনৰ দৰে গেছ উৎপাদন কৰে।

অত্যধিক গৰম হোৱাৰ ফলত বেটাৰিৰ কোষবোৰ অস্থিৰ হৈ পৰে। ই কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনৰ দৰে গেছ উৎপাদন কৰে।

অত্যধিক গৰম হোৱাৰ ফলত বেটাৰিৰ কোষবোৰ অস্থিৰ হৈ পৰে। ই কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনৰ দৰে গেছ উৎপাদন কৰে।

  • Share this:
ক্ৰেতাৰ চাহিদা পূৰণ কৰিবলৈ ম'বাইলত বেটাৰিৰ শক্তি বৃদ্ধি কৰা হৈছে। কিন্তু বহুক্ষেত্ৰত এই অতিৰিক্ত শক্তি গ্ৰাহকসকলৰ বাবে উদ্বেগৰো কাৰণো হ'ব পাৰে। শেহতীয়াকৈ দেখা গৈছে ম'বাইলৰ বেটাৰীত হঠাতে বিস্ফোৰণ (smartphones can explode) বা জুই লগাৰ ফলত ব্যৱহাৰকাৰী আঘাতপ্ৰাপ্ত হৈছে। কিন্তু স্মাৰ্টফোনৰ বেটাৰীত কিয় বাৰে বাৰে বিস্ফোৰণ বা জুই লাগে (why phones explode) তাৰ কাৰণ জানি থোৱাটো আপোনাৰ ভালৰ বাবে প্ৰয়োজনীয়।

অত্যধিক গৰম

স্মাৰ্টফোনৰ বেটাৰীটো এটা নিৰ্দিষ্ট উষ্ণতাত কাম কৰিবলৈ অপ্টিমাইজ কৰা হৈছে। আপোনাৰ স্মাৰ্টফোনটো নিয়মীয়া উচ্চ তাপমাত্ৰাত ৰাখিলে দীৰ্ঘম্যাদী সময়ত বেটাৰি ক্ষতিগ্ৰস্ত হ'ব পাৰে। পোনপটীয়া সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ অহা বা দীঘলীয়া সময়ৰ বাবে বন্ধ গাড়ীত থকাৰ ফলত স্মাৰ্টফোনটো গৰম হ'ব পাৰে। অত্যধিক গৰম হোৱাৰ ফলত বেটাৰিৰ কোষবোৰ অস্থিৰ হৈ পৰে। ই কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনৰ দৰে গেছ উৎপাদন কৰে। তেনে ক্ষেত্ৰত স্মাৰ্টফোনত বিস্ফোৰণ বা জুই লাগিব পাৰে।

অত্যধিক চাৰ্জিং

বহুতো স্মাৰ্টফোন ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ ডিভাইচবোৰ ৰাতি চাৰ্জত দি থয়। সেয়ে ই অত্যধিক গৰম হয়। অৱশ্যে এই বিষয়ে কোনো স্পষ্ট গৱেষণা নাই। মনত ৰাখিব যে নিশা চাৰ্জত দি থোৱা বাবে সাধাৰণতে এমাহ বা এবছৰত স্মাৰ্টফোনৰ বেটাৰী নষ্ট নকৰে। কিন্তু বেটাৰিটো সাধাৰণতে ৰাতি চাৰ্জ কৰাৰ পিছত শ্বৰ্ট চাৰ্কিটৰ ফলত বিস্ফোৰিত হ'ব পাৰে।

থাৰ্ড পাৰ্টী চাৰ্জাৰ

সদায়ে আপোনাৰ স্মাৰ্টফোনটো এডাল অৰিজিনেল কেবল আৰু এডাপ্টাৰেৰে চাৰ্জ কৰক। আন এটা ব্ৰেণ্ডৰ চাৰ্জাৰ ব্যৱহাৰ কৰিলে আপোনাৰ স্মাৰ্টফোনৰ বেটাৰি ক্ষতিগ্ৰস্ত হ'ব পাৰে। থাৰ্ড পাৰ্টিৰ চাৰ্জিং কেবল আৰু এডাপ্টাৰে ডিভাইচটো অত্যধিক গৰম কৰিব পাৰে, যাৰ পৰা বেটাৰীত শ্বৰ্ট চাৰ্কিট হ'ব পাৰে।

আপুনি ইয়াক কেনেদৰে ব্যৱহাৰ কৰি আছে?

স্মাৰ্টফোনৰ ৰুক্ষ ব্যৱহাৰে কেৱল বাহ্যিকেই নহয়, বেটাৰিও ক্ষতিগ্ৰস্ত কৰিব পাৰে। ফলস্বৰূপে বেটাৰিৰ যান্ত্ৰিক বা ৰাসায়নিক উপাদানবোৰ ক্ষতিগ্ৰস্ত হ'ব পাৰে। এই ভাৰসাম্যহীনতাৰ ফলত শ্বৰ্ট-চাৰ্কিট, অত্যধিক গৰম হোৱা আৰু অন্যান্য কাৰণত স্মাৰ্টফোনত বিস্ফোৰণ হ'ব পাৰে বা জুই লাগিব পাৰে।

চিপছেট অভাৰলোডিং

গেমিং বা মাল্টি-টাস্কিঙৰ সৈতে অত্যধিক ব্যৱহাৰৰ ফলত স্মাৰ্টফোনটো সোনকালে গৰম হ'ব পাৰে। গৰম হোৱাৰ মুখ্য কাৰণ হৈছে প্ৰচেছৰ। নিৰ্মাতাসকলে ডিভাইচটো সুৰক্ষিত ৰাখিবলৈ সুৰক্ষাৰ বাবে কেইবাটাও কুলিং মেচিন যোগ দিয়ে। যদি আপুনি ভাবে যে ই অত্যধিক গৰম হৈ আছে, আপোনাৰ স্মাৰ্টফোনটো কেইমিনিটমানৰ বাবে বন্ধ ৰাখিব, অন্যথা বিপদ বৃদ্ধি হ'ব।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি