• Home
  • »
  • News
  • »
  • technology
  • »
  • Mobile Phone Golden Jubilee: মোবাইল ফোনৰ সোণালী জয়ন্তী, প্ৰথমটো মোবাইল ফোন কেতিয়া হৈছিল ব্যৱহাৰ জানেনে?

Mobile Phone Golden Jubilee: মোবাইল ফোনৰ সোণালী জয়ন্তী, প্ৰথমটো মোবাইল ফোন কেতিয়া হৈছিল ব্যৱহাৰ জানেনে?

Mobile Phone Golden Jubilee: আজি আমি হাতৰ মুঠিতে বা পকেটত লৈ মোবাইল লৈ ফুৰোঁ। কিন্তু কুপাৰে নিৰ্মাণ কৰা প্ৰথমটো মোবাইল ফোনৰ ওজন আছিল প্ৰায় ২ কিলোগ্ৰাম।

Mobile Phone Golden Jubilee: আজি আমি হাতৰ মুঠিতে বা পকেটত লৈ মোবাইল লৈ ফুৰোঁ। কিন্তু কুপাৰে নিৰ্মাণ কৰা প্ৰথমটো মোবাইল ফোনৰ ওজন আছিল প্ৰায় ২ কিলোগ্ৰাম।

Mobile Phone Golden Jubilee: আজি আমি হাতৰ মুঠিতে বা পকেটত লৈ মোবাইল লৈ ফুৰোঁ। কিন্তু কুপাৰে নিৰ্মাণ কৰা প্ৰথমটো মোবাইল ফোনৰ ওজন আছিল প্ৰায় ২ কিলোগ্ৰাম।

  • Share this:
আজিৰ বিশ্বত মোবাইল ফোন (Mobile phone)ৰ অবিহনে যেন মানুহৰ জীৱন অথৰ্ব হৈ পৰিছে। এনে এটা মুহূৰ্ত নাই যে আমি মোবাইলটোৰ অবিহনে থাকিব পাৰোঁ। প্ৰতিটো কামত আমাক এতিয়া মোবাইল ফোনটো লাগেই। দিনে দিনে এই প্ৰযুক্তিৰ ব্যৱহাৰ বাঢ়ি গৈ আছে। নিত্য-নতুন বৈশিষ্টৰে মোবাইল ফোনে আমাৰ জীৱনৰ গতি ধাৰাই সলনি কৰি পেলাইছে। এক কথাত খাদ্য আৰু বস্ত্ৰৰ দৰেও মোবাইল ফোনটো যেন আমাৰ জীৱনৰ এৰাব নোৱাৰা অংগ হৈ পৰিছে। এনে বহুলোক আছে যি মোবাইলটো হাতত নাপালেই অস্থিৰ হৈ পৰে, যেন উশাহ ছুটী হৈ পৰিছে। জীৱনটোৱেই যেন এতিয়া মোবাইল হৈ পৰিছে। পিছে আপুনি জানেনে প্ৰথম মোবাইল ফোন (The First Mobile phone)টো কেতিয়া ব্যৱহাৰ হৈছিল।

যদিও আমাৰ দেশত মোবাইলৰ ব্যৱহাৰ মাত্ৰ দুই দশক পুৰণি, আপুনি জানি আচৰিত হ'ব যে মোবাইল ফোনৰ ব্যৱহাৰৰ সোণালী জয়ন্তী (Golden Jubilee)পতাৰ সময় হৈছে। অৰ্থাৎ বছৰৰ হিচাপত ৫০ বছৰ হ'বৰ হ'ল মোবাইল ফোনৰ। অহা বছৰ আজিৰ দিনটোতেই মোবাইল ফোনৰ সোণালী জয়ন্তী।

১৯৭৩ চনৰ ৩ এপ্ৰিলত বিশ্বৰ প্ৰথমটো মোবাইল উদ্ভাৱন কৰা হৈছিল। তেতিয়া এই ফোনটোক চেল ফোন (Cell Phone) বোলা হৈছিল। মোটোৰোলা (Motorola) কোম্পানীয়ে নিৰ্মাণ কৰিছিল প্ৰথমটো মোবাইল ফোন। মোটোৰোলা কোম্পানীৰ মাৰ্টিন কুপাৰ ( Martin Cooper) নামৰ অভিযন্তাজনে প্ৰথমটো মোবাইল ফোন নিৰ্মাণ কৰিছিল। মাৰ্টিন কুপাৰৰ সহযোগী আছিল জন এফ মিচেল (John F. Mitchell)।

আজি আমি হাতৰ মুঠিতে বা পকেটত লৈ মোবাইল লৈ ফুৰোঁ। কিন্তু কুপাৰে নিৰ্মাণ কৰা প্ৰথমটো মোবাইল ফোনৰ ওজন আছিল প্ৰায় ২ কিলোগ্ৰাম। ১৯৭৯ চনত জাপানত 1G (Analog) নেটৱৰ্কেৰ আৱিষ্কাৰৰ পিছত মোবাইল ফোনৰ নেটৱৰ্ক প্ৰযুক্তিৰ দ্ৰুত বিকাশ হয়।

ইয়াতকৈও আচৰিত কথাটো যে মোবাইল বা চেল ফোনৰ ধাৰণাটো ১৯১৭ চনতেই প্ৰথম ভবা হৈছিল। ফিনলেণ্ডৰ বিজ্ঞানী এৰিক টিগাৰষ্টেডে (Eric Tigerstedt) "অতি পাতল কাৰ্বন মাইক্ৰ'ফোনৰ সৈতে পকেট-ছাইজ ফোল্ডিং টেলিফোন"ৰ বাবে পেটেণ্ট আবেদন কৰিছিল।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি