• Home
  • »
  • News
  • »
  • technology
  • »
  • Facebook Name Change Report: নাম সলনি কৰা হ’ব নেকি ফেচবুকৰ? সবিশেষ জানক

Facebook Name Change Report: নাম সলনি কৰা হ’ব নেকি ফেচবুকৰ? সবিশেষ জানক

অহা ২৮ অক্টোবৰত ফেচবুকৰ মুখ্য কাৰ্যবাহী বিষয়া (Facebook CEO) মাৰ্ক জাকাৰবাৰ্গে (Mark Zuckerberg) এই সন্দৰ্ভত কোম্পানীৰ বাৰ্ষিক কানেক্ট কনফাৰেন্সত সদৰি কৰাৰ পৰিকল্পনা কৰিছে। অৱশ্যে ইয়াৰ পূৰ্বেই এই সন্দৰ্ভত তথ্য প্ৰকাশ পাব পাৰে। The Verge–ত প্ৰকাশ।

  • Share this:
জনপ্ৰিয় ছচিয়েল মিডিয়া প্লেটফ’ৰ্ম ফেচবুকে অহা সপ্তাহৰ ভিতৰত এটা নতুন নাম গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে। মঙলবাৰে 'The Verge' ত এই কথা প্ৰকাশ পায়। প্ৰতিবেদনত কোম্পানীৰ এই সন্দৰ্ভত খবৰ ৰাখোতাৰ সূত্ৰ উদ্ধৃৃতি দিয়া হৈছে।

Facebookৰ Chief Executive Officer মাৰ্ক জাকাৰবাৰ্গে (Mark Zuckerberg) এই সালসলনিৰ বিষয়ে কোম্পানীৰ বাৰ্ষিক কানেক্ট কনফাৰেন্সত অহা ২৮ অক্টোবৰত এই সন্দৰ্ভত সদৰি কৰাৰ প্লেন প্ৰকাশ কৰা হৈছে প্ৰতিবেদনত। অৱশ্যে 'the Verge' ৰ প্ৰতিবেদন মতে এই কাৰ্য সোনকালেও কৰা হ’ব পাৰে।

অৱশ্যে ফেচবুকে এই সন্দৰ্ভত কোনো ধৰণৰ কমেণ্ট নকৰি কয় যে 'গুজৱ' বা 'ধাৰণা' সন্দৰ্ভত কোম্পানীয়ে কোনো মন্তব্য নিদিয়ে।

কোম্পানীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত চৰকাৰী তীক্ষ্ণ নিৰীক্ষণৰ সন্মুখীন হোৱাৰ সময়তে এই তথ্য প্ৰকাশ পাইছে। দুয়োটা দলৰ নেতাই ফেচবুকৰ বিৰুদ্ধে ৰোষ প্ৰকাশ কৰিছে।

এই ৰিব্ৰেণ্ডিঙৰ ফলত ফেচবুক ছচিয়েল মিডিয়া এপ পেৰেণ্ট কোম্পানীৰ তলৰ এটা প্ৰডাক্ট হৈ পৰিব। একেটা কোম্পানীয়ে Instagram, WhatsApp আৰু Oculus তথা অন্যান্য সমূহ চোৱা চিতা কৰিব। the Vergeৰ ৰিপ’ৰ্টত প্ৰকাশ।

ছিলিকন ভেলীত কোম্পানীয়ে নাম সলোৱাটো কোনো নতুন কথা নহয়। নিজৰ সেৱা পৰিসৰ বৃদ্ধি কৰিবলৈ কোম্পানীয়ে নিজৰ নাম সলনি কৰে।

এই ৰিব্ৰেণ্ডিঙৰ ফত ফেচবুকে মানুহে বিভিন্ন ডিভাইচ ব্যৱহাৰ কৰি স্থান সলনি কৰা আৰু যোগাযোগ কৰাৰ অনলাইন জগতখনক বুজোৱা তথাকথিত metaverseৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ সুবিধা লাভ কৰিব। প্ৰতবেদনত প্ৰকাশ।

Facebook–এ ভাৰ্চুৱেল ৰিয়েলিটি (VR) আৰু অগমেণ্টেড ৰিয়েলিটি (AR) ক্ষেত্ৰত প্ৰচুৰ বিনিয়োগ কৰিছে আৰু প্ৰায় তিনি বিলিয়ন ব্যৱহাৰকাৰীক বিভিন্ন ডিভাইচ আৰু এপেৰে সংযোগ কৰাৰ অভিপ্ৰায় কৰিছে।

কোম্পানীটোৱে মঙলবাৰে ইউৰোপিয়ান ইউনিয়নত ১০,০০০ চাকৰি সৃষ্টিৰ কথাও সদৰি কৰিছিল। অহা পাঁচ বছৰত metaverse সৃষ্টি চাকৰিত নিয়োগ লাভকৰাসকলৰ লক্ষ্য হ’ব।
First published: