• Home
  • »
  • News
  • »
  • technology
  • »
  • Train Horn: আপুনি জানেনে ভাৰতীয় ৰে'লত ১১ প্ৰকাৰৰ হৰ্ণ থাকে? প্ৰতিটো হৰ্ণৰ অৰ্থও বেলেগ বেলেগ

Train Horn: আপুনি জানেনে ভাৰতীয় ৰে'লত ১১ প্ৰকাৰৰ হৰ্ণ থাকে? প্ৰতিটো হৰ্ণৰ অৰ্থও বেলেগ বেলেগ

Train Horn: প্ৰতিটো হৰ্ণ আৰু ইয়াৰ সময়সীমাৰ আঁৰত বেলেগ বেলেগ অৰ্থ থাকে। বিপদৰ বিষয়ে সংকেত দিয়াৰ পৰা আৰম্ভ কৰি ট্ৰেক সলনি কৰালৈকে প্ৰতিটো পৰিস্থিতিৰ বাবে এটা হৰ্ণ থাকে।

Train Horn: প্ৰতিটো হৰ্ণ আৰু ইয়াৰ সময়সীমাৰ আঁৰত বেলেগ বেলেগ অৰ্থ থাকে। বিপদৰ বিষয়ে সংকেত দিয়াৰ পৰা আৰম্ভ কৰি ট্ৰেক সলনি কৰালৈকে প্ৰতিটো পৰিস্থিতিৰ বাবে এটা হৰ্ণ থাকে।

Train Horn: প্ৰতিটো হৰ্ণ আৰু ইয়াৰ সময়সীমাৰ আঁৰত বেলেগ বেলেগ অৰ্থ থাকে। বিপদৰ বিষয়ে সংকেত দিয়াৰ পৰা আৰম্ভ কৰি ট্ৰেক সলনি কৰালৈকে প্ৰতিটো পৰিস্থিতিৰ বাবে এটা হৰ্ণ থাকে।

  • Share this:
ভাৰতত ৰে’লে (Indian Railways)ৰে যাত্ৰা কৰাটো আটাইতকৈ বেছি পছন্দ কৰা হয়। বাছতকৈ ই অধিক সুবিধাজনক আৰু বিমানতকৈ কম খৰচী। আপুনিও নিশ্চয় বহুবাৰ ৰে'লৰ হৰ্ণ (Train Horn)ৰ শব্দ শুনিছে। কিন্তু আপুনি জানেনে যে আপুনি শুনা হৰ্ণৰ শব্দবোৰ একে ধৰণৰ নহয়? ৰেলত মুঠ ১১ প্ৰকাৰৰ হৰ্ণ থাকে। সকলো হৰ্ণৰ অৰ্থও বেলেগ বেলেগ। ট্ৰেইন হৰ্ণ, যিটো এটা শক্তিশালী এয়াৰ হৰ্ণ, ই ৰে'লৱেৰ প্ৰহৰী, কৰ্মচাৰী, আৰু যাত্ৰীসকলৰ বাবে সতৰ্কবাণী হিচাপে কাম কৰে। ই কেৱল ৰে’লৰ আগমন বা প্ৰস্থানৰ ইংগিত দিয়াই নহয়, প্ৰতিটো হৰ্ণ আৰু ইয়াৰ সময়সীমাৰ আঁৰত বেলেগ বেলেগ অৰ্থ থাকে। বিপদৰ বিষয়ে সংকেত দিয়াৰ পৰা আৰম্ভ কৰি ট্ৰেক সলনি কৰালৈকে প্ৰতিটো পৰিস্থিতিৰ বাবে এটা হৰ্ণ থাকে। জানোঁ আহক এই ১১ প্ৰকাৰৰ হৰ্ণৰ বিষয়ে আৰু এইবোৰৰ ভিন ভিন অৰ্থবোৰ।

এটা চুটি হৰ্ণ – এটা সৰু হৰ্ণে ইংগিত দিয়ে যে পৰৱৰ্তী ভ্ৰমণৰ বাবে ছেট কৰাৰ আগতে ৰে’লখন ধুই চাফা কৰাৰ বাবে মটৰমেনে (motormen) ৰে’লখন য়াৰ্ডলৈ লৈ যাব।

দুটা চুটি হৰ্ণ – মটৰমেনে যদি দুটা চুটি হৰ্ণ দিয়ে তাৰ মানে হৈছে ৰে'ল ষ্টাৰ্ট কৰিবলৈ ৰে'লৱেৰ চিগনেলটো নিৰ্দেশ দিবলৈ তেওঁ গাৰ্ডক কৈছে।

তিনিটা সৰু হৰ্ণ – তিনিটা সৰু হৰ্ণ, যিবোৰ কমেইহে দেখা যায়, মানে মটৰমেনে মটৰটোৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছে। এইটো এটা সংকেত যে গাৰ্ডে তৎক্ষণাত ভেকুৱাম ব্ৰেক (vacuum break) টানিব পাৰে।

চাৰিটা সৰু হৰ্ণ – কেৱল ‘কাৰিকৰী সমস্যা’ৰ সৃষ্টি হ’লে মটৰমেনে তাক বুজাবলৈ চাৰিটা সৰু হৰ্ণ টিপিব পাৰে। ইয়াৰ অৰ্থ এইটোও যে ৰে'লখন আগবাঢ়ি নাযাব।

অবিৰত হৰ্ণ – এটা অবিৰত হৰ্ণ বজাই যাত্ৰীসকলক সতৰ্ক কৰি দিয়া হয় যে ৰে’লখন কোনো ধৰণে ৰৈ নোযোৱাকৈ ষ্টেচনৰ মাজেৰে পাৰ হ’ব।

এটা দীঘল হৰ্ণ আৰু এটা চুটি – মটৰমেনে কৰা এই হৰ্ণটোৱে গাৰ্ডক ইঞ্জিন আৰম্ভ কৰাৰ আগতে ব্ৰেক পাইপ চিষ্টেম ছেট কৰিবলৈ সংকেত দিয়ে।

দুটা দীঘল আৰু দুটা চুটি হৰ্ণ – মটৰমেনে যদি দুটা দীঘল আৰু দুটা চুটি হৰ্ণ দিছে, তেন্তে ইয়াৰ অৰ্থ হ’ল তেওঁ ইঞ্জিনটো নিয়ন্ত্ৰণ কৰিবলৈ চকীদাৰজনক সংকেত দিছে।

দুটা বিৰতি থকা দুটা হৰ্ণ –যেতিয়া ৰে’লখন ক্ৰছিঙৰ মাজেৰে চলিবলৈ ধৰে তেতিয়া এই সংকেতৰ সহায়ত পথচাৰীসকলক সতৰ্ক কৰি দিয়া হয়।

দুটা দীঘল আৰু চুটি হৰ্ণ – যেতিয়াই মটৰমেনে ৰে’লৰ ট্ৰেক সলনি কৰিবলৈ ওলায় তেতিয়াই এই বিশেষ হৰ্ণটো বজোৱা হয়।

দুটা চুটি আৰু এটা দীঘল হৰ্ণ – এই হৰ্ণৰ শব্দই দুটা সম্ভাৱনাক সূচায়, য’ত হয় এজন যাত্ৰীয়ে শিকলি টানিছে নহয় চকীদাৰে ভেকুৱাম ব্ৰেক টানিছে।

ছয়গুণ চুটি হৰ্ণ – ই কোনো সুখদায়ক সংকেত নহয় কাৰণ ইয়াৰ অৰ্থ হ’ল ৰে’লখন বিপজ্জনক পৰিস্থিতিত আবদ্ধ হৈ পৰিছে৷
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি