অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি ডিব্ৰুগড়ৰ পল্টনবজাৰৰ জলসম্পদ বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তাৰ পুৰণি বাসগৃহ ভৱনটো ১৭৫টা জেকৰ সহায়ত ৩ফুট ৩ইঞ্চি ওখ কৰা হৈছে।
পল্টন বজাৰৰ ব্ৰহ্মপুত্ৰ নদীৰ কাষত অবস্থিত ১৯৩৫ চনতেই নিৰ্মাণ কৰা ভৱনটো নভঙাকৈ অক্ষত অৱস্থাত বিঞ্জানসন্মত আৰু উচ্চ প্ৰযুক্তি ব্যৱহাৰ কৰি ওখ কৰা হৈছে।পল্টন বজাৰৰ এই অঞ্চলত বাৰিষা সময়চোৱাত যথেষ্ট কৃত্ৰিম বানপানী হোৱাৰ বাবে কৰা হৈছে এই ব্যৱস্থা।
বৃটিছ শাসন কালতেই নিৰ্মাণ কৰা এই বাংলোটোৰ কোনো ক্ষতি নোহোৱাকৈ ওখ কৰাৰ কামত ব্যয় কৰা হৈছে ২০লাখ টকা।এই কাৰ্যত নিয়োজিত হৈছে হাৰিয়ানাৰ এটা কোম্পানী। দিনে নিশাই ২০জন শ্ৰমিকে নিৰ্মাণ কাৰ্যত নিয়োজিত হৈ তিনিমাহৰ ভিতৰত বাংলোটো থকাৰ উপযোগী কৰি তুলিব বুলি জনাইছে নিয়োজিত ঠিকাদাৰ-শ্ৰমিকে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|