মুখ্যপৃষ্ঠা » খবৰ

» প্ৰযুক্তি

»জৰুৰী খবৰ! আপোনাৰ ফোনৰ পৰা শীঘ্ৰে ডিলিট কৰক এই এপ, গুগলেও কৰিছে নিষিদ্ধ!

জৰুৰী খবৰ! আপোনাৰ ফোনৰ পৰা শীঘ্ৰে ডিলিট কৰক এই এপ, গুগলেও কৰিছে নিষিদ্ধ!

News18 Assam | News18-Assam
Updated:October 14, 2021, 5:06 PM IST
জৰুৰী খবৰ! আপোনাৰ ফোনৰ পৰা শীঘ্ৰে ডিলিট কৰক এই এপ, গুগলেও কৰিছে নিষিদ্ধ!
যদি আপোনাৰ ফোনত এইকেইটা এপৰ ভিতৰত আছে তেন্তে শীঘ্ৰে ডিলিট কৰক।

যদি আপোনাৰ ফোনত এইকেইটা এপৰ ভিতৰত আছে তেন্তে শীঘ্ৰে ডিলিট কৰক।

  • Share this:


Google–এ শেহতীয়াকৈ ১৫০টাৰো অধিক বিপজ্জনক এপ নিষিদ্ধ কৰিছে। এতিয়া গুগলে পুনৰ প্লে ষ্ট’ৰৰ পৰা তিনিটা ভয়ংকৰ এপ আঁতৰাই পেলাইছে। এই নিষেধাজ্ঞা ব্যৱহাৰকাৰীৰ প্ৰাইভেচী আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কৰা হৈছে। যদি আপোনাৰ ফোনত এইকেইটা এপৰ ভিতৰত আছে তেন্তে শীঘ্ৰে ডিলিট কৰক। এই তিনিটা এপ ফটো এডিটিঙৰ সৈতে সম্পৰ্কিত আৰু ইয়াৰ নাম হৈছে – Magic Photo Lab – Photo Editor, Blender Photo Editor-Easy Photo Background Editor আৰু Pix Photo Motion Edit 2021.

এই বৰ্ষত Google I/Oত কোম্পানীয়ে কৈছিল যে এতিয়া ৩ বিলিয়ন এক্টিভ এনড্ৰইড ডিভাইচ আছে। বিপজ্জনক এপ্ছ নিষিদ্ধ কৰি গুগল ব্যৱহাৰকাৰীক সুৰক্ষিত কৰি ৰাখিব বিচাৰে। যিসমূহ এপ নিষিদ্ধ কৰা হৈছে সেইসমূহে ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য আৰু ধন আত্মসাৎ কৰিছিল।

এই এপে চুৰি কৰে Logi ID আৰু ব্যক্তিগত তথ্য

Login with Facebook বুটামৰ জৰিয়তে ব্যৱহাৰকাৰীৰ কোনো ৱেব ছাৰ্ভিচ বা এপক শীঘ্ৰে অথেণ্টিকেট কৰাত সহজ হৈ পৰে। ইয়াৰ দ্বাৰা সেই ছাৰ্ভিচত আন ইউজাৰ নেম আৰু পাছৱৰ্ড নবনোৱাকৈ ব্যৱহাৰ কৰিব পাৰে। এই সেৱাৰ ব্যৱহাৰ Spotify আৰু Tinderৰ দৰে এপেও কৰে। কিন্তু ছিকিউৰিটী ফৰ্ম অনুসৰি এই এপ্ছ ব্যৱহাৰকাৰীৰ লগইন আইডি চুৰি কৰি ব্যক্তিগত তথ্য ব্যৱহাৰ কৰিব পাৰে।

Published by: Sanjay Kumar Das
First published: October 14, 2021, 5:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি