உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • technology
    • »
    • Common Password in India : ভাৰতৰ আটাইতকৈ বেছি মানুহে তেওঁলোকৰ পাছৱৰ্ড কি ৰাখে জানেনে? 

    Common Password in India : ভাৰতৰ আটাইতকৈ বেছি মানুহে তেওঁলোকৰ পাছৱৰ্ড কি ৰাখে জানেনে? 

    সমগ্ৰ বিশ্বৰ পাছৱৰ্ড মেনেজাৰ নৰ্ডপাছে চলোৱা এক সমীক্ষাত ওলাই পৰিছে এই ভয়াৱহ তথ্য।

    সমগ্ৰ বিশ্বৰ পাছৱৰ্ড মেনেজাৰ নৰ্ডপাছে চলোৱা এক সমীক্ষাত ওলাই পৰিছে এই ভয়াৱহ তথ্য।

    সমগ্ৰ বিশ্বৰ পাছৱৰ্ড মেনেজাৰ নৰ্ডপাছে চলোৱা এক সমীক্ষাত ওলাই পৰিছে এই ভয়াৱহ তথ্য।

    • Share this:
    Common Password in India : কোৰোণা ভাইৰাছৰ সময়ৰ পৰা মানুহৰ জীৱনত ডিজিটেল শব্দটো ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে। এতিয়া সকলো কামেই ঘৰৰ পৰাই অনলাইনত হ’বলৈ আৰম্ভ কৰিছে। অনলাইন ক্লাছৰ পৰা আৰম্ভ কৰি ৱৰ্ক ফ্ৰম হোম সকলোৰ বাবেই ডিজিটেল প্লেটফ্ৰমত কাম–কাজ। অনলাইন ব্যৱসায়, অনলাইন বজাৰৰ পৰা আৰম্ভ কৰি অনলাইনত খাদ্য সামগ্ৰী অৰ্ডাৰ আদি সকলোতে পাৰদৰ্শী হৈ পৰিছে দেশবাসী।

    কিন্তু উক্ত কামসমূহ কৰিবলৈ গৈ চাইবাৰ নিৰাপত্তাৰ বিষয়ে কিমান সচেতন আমি? উক্ত প্ৰশ্নৰ উত্তৰ বিচাৰি অলপ গভীৰভাৱে চিন্তা কৰিলেই মন বেয়া হৈ যাব। কাৰণ আমি এই নতুন প্ৰযুক্তি ব্যৱহাৰ কৰিছো ঠিকেই কিন্তু ইয়াৰ নিৰাপত্তা লৈ অলপো সচেতন নহও আমি।
    অতি সম্প্ৰতি নৰ্ডপাছৰ এক সমীক্ষাৰ অন্তত তেনেই তথ্য পোহৰলৈ আহিছে। আপুনি জানেনে ভাৰতবৰ্ষৰ অধিকাংশ লোকৰ কমন পাছৱৰ্ড(Common Password in India ) কি?

    সমগ্ৰ বিশ্বৰ পাছৱৰ্ড মেনেজাৰ নৰ্ডপাছে চলোৱা এক সমীক্ষাত ওলাই পৰিছে এই ভয়াৱহ তথ্য। কাৰণ দেশৰ অধিকাংশ লোকে "পাছৱৰ্ড" শব্দটোকে নিজৰ পাছৱৰ্ড হিচাপে ব্যৱহাৰ কৰে। ইয়াৰ ফলত অতি সহজতেই পাছৱৰ্ড ভাঙি অনলাইন প্ৰতাৰণা কৰা সম্ভৱ হৈ পৰিছে।বিশ্বৰ প্ৰায় ৫০খন দেশক লৈ এই সমীক্ষা চলোৱা হৈছিল। তাতেই ভাৰতৰ নাগৰিকে "পাছৱৰ্ড" শব্দটোক পাছৱৰ্ড হিচাপে ব্যৱহাৰ কৰাৰ তথ্য পোহৰলৈ আহিছে। কেবল ভাৰত নহয়, জাপান বিশ্বৰ এনে এখন দেশ যত "পাছৱৰ্ড" শব্দটোৱে সকলতকৈ বেছি পাছৱৰ্ড হিচাপে ব্যৱহাৰ হৈ থকাৰো তথ্য পোৱা গৈছে।

    ভাৰতীয়সকলৰ পছন্দৰ পাছৱৰ্ডৰ ভিতৰত Passwordৰ বাহিৰে 12345, 123456, 1234567, 123456789, India123, 1234567890, qwerty আৰু abc123 বুলি সমীক্ষাত জানিব পৰা গৈছে। ইয়াৰ উপৰি iloveyou, Krishna, sriram আৰু omsriram পাছৱৰ্ড হিচাপে অধিক ব্যৱহৃত হোৱা পোৱা গৈছে। ইয়াৰ বাহিৰেও নিজৰ নামৰ লগতে প্ৰিয়জনৰ নাম পাছৱৰ্ড হিচাপে ব্যৱহাৰ হোৱাৰ প্ৰৱণতা অধিক বুলি সমীক্ষাত পোৱা গৈছে।

    ফলস্বৰূপে সহজ পাছৱৰ্ড হোৱাৰ বাবে হেকাৰৰ কাম সহজ কৰি দিয়ে আমাৰ জনসাধাৰণে। নৰ্ডপাছৰ CEO জোনাস ক্লাৰ্লক্নিছৰ মতে সহজ পাছৱৰ্ড হোৱাৰ ফলত ২০০ ভিতৰত ৬২টা পাছৱৰ্ড ক্ৰেক কৰা যায়। ফলত এই অনলাইন ডিজিটেল যুগত পাছৱৰ্ড লৈ জনসাধাৰণ অধিক সচেতন হোৱাৰ প্ৰয়োজন হৈ পৰিছে।
    Published by:Sanjay Kumar Das
    First published: