ভিডিঅ' প্লেয়াৰ এপ ভিএলচি মিডিয়া প্লেয়াৰ (VLC Media Player)ৰ যোগেদি চাইবাৰ আক্ৰমণ চলাই আছে চীন দেশে। নিৰাপত্তা বিশেষজ্ঞসকলে আৱিষ্কাৰ কৰিছে যে চীন চৰকাৰ (Chinese government)ৰ সমৰ্থিত এটা হেকিং গোট চিকাডা (Cicada)ই দীৰ্ঘদিন ধৰি চলাই থকা চাইবাৰ আক্ৰমণৰ অংশ হিচাপে এটা ক্ষতিকাৰক মালৱেৰ (malicious malware) লোডাৰ স্থাপন কৰিবলৈ ভিএলচি মিডিয়া প্লেয়াৰ ব্যৱহাৰ কৰি আছে।
কমেও তিনিখন মহাদেশত কৰা এই চাইবাৰ আক্ৰমণৰ উদ্দেশ্য হৈছে গুপ্তচৰ বা চোৰাংচোৱাগিৰি (Espionage)কৰা। ইয়াৰ বাবে ৰাজনৈতিক, আইনী আৰু ধৰ্মীয় কাৰ্যকলাপৰ সৈতে জড়িত অসংখ্য গোট, লগতে বেচৰকাৰী সংগঠনসমূহ (NGOs)ক লক্ষ্য কৰি লোৱা হৈছে। এই হেকিং চিকাডাৰ জৰিয়তে কৰা বুলি জনা গৈছে যাক মেনুপাছ (menuPass), ষ্টোন পাণ্ডা (Stone Panda), পটাছিয়াম (Potassium), APT10 আৰু ৰেড এপোলো (Red Apollo) বুলিও জনা যায়। এইটো বিগত ১৫ বছৰৰো অধিক সময় ধৰি সক্ৰিয় হৈ আছে।
ছিমাণ্টেক (Symantec)ৰ বিশেষজ্ঞৰ মতে এই চিকাডা অভিযানত আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, হংকং, তুৰস্ক, ইজৰাইল, মণ্টেনিগ্ৰো, ইটালী আৰু ভাৰত ভুক্তভোগী হৈছে। ভুক্তভোগীসকলৰ ভিতৰত জাপানৰ কেৱল এজন আছে যি দীৰ্ঘদিন ধৰি চিকাডা গেঙৰ লক্ষ্য হৈ আহিছে।
আমেৰিকান ছেমিকণ্ডাক্টৰ নিৰ্মাতা কোম্পানী ব্ৰডকমৰ এটা শাখা ছিমেনটেকৰ গৱেষকসকলে আৱিষ্কাৰ কৰিছে যে টাৰ্গেট কৰা কম্পিউটাৰত প্ৰৱেশ কৰাৰ পিছত হেকাৰে জনপ্ৰিয় ভিএলচি মিডিয়া প্লেয়াৰ ব্যৱহাৰ কৰি কম্পিউটাৰত এটা মডিফাইড লোডাৰ ইনষ্টল কৰে।
হেকাৰে VLC মিডিয়া প্লেয়াৰৰ ক্লীন ভাৰ্ছন ব্যৱহাৰ আৰু একে লোকেচনত মিডিয়া প্লেয়াৰটোৰ এক্সপোৰ্ট ফাংচনত একধৰণৰ ক্ষতিকৰ মালৱেৰ ডাইনামিক লিংক লাইব্ৰেৰী (DLL) ফাইল ব্যৱহাৰ কৰে । DLL ছাইড লোডিং হৈছে এটা প্ৰযুক্তি যাৰ দ্বাৰা হেকাৰে সাধাৰণ প্ৰক্ৰিয়া এটাত মালৱেৰ লোড কৰি দিব পাৰে আৰু ইয়াৰ ক্ষতিকাৰক কাম ঢাকি ৰাখিব পাৰে।
অনুপ্ৰৱেশ কৰা নেটৱৰ্কত আক্ৰমণকাৰীজনে অতিৰিক্তভাৱে চডামাষ্টাৰ বেকডোৰ (Sodamaster Backdoor) ইনষ্টল কৰিছিল, যিটো কমেও 2020 চনৰ পৰা কেৱল চিকাডা গোটৰ দ্বাৰা ব্যৱহাৰ কৰা বুলি সন্দেহ কৰা এটা সঁজুলি। চডামাষ্টাৰে চিষ্টেম মেম'ৰীত কাম কৰে আৰু স্কেনৰ জৰিয়তে ধৰা নপৰাকৈ ৰাখিব পাৰে বা ইয়াৰ কাৰ্যকৰীকৰণত বিলম্ব ঘটাব পাৰে।
মালৱেৰ (malware)টোৱেও ছিষ্টেমটোৰ বিষয়ে তথ্য সংগ্ৰহ কৰিব পাৰে, ৰানিং প্ৰচেছবোৰ বিচাৰিব পাৰে আৰু কমাণ্ড আৰু কণ্ট্ৰোল চাৰ্ভাৰৰ পৰা পেলোড ডাউনলোড কৰিব আৰু চলাব পাৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|