চন্দ্ৰযান–২ অভিযানত দৃষ্টি নিবদ্ধ আছে সমগ্ৰ বিশ্বৰ। ISROৰ বিজ্ঞানীসকলে লেণ্ডাৰ বিক্ৰমৰ সৈতে সংযোগ স্থাপনৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আছে। কিন্তু এতিয়ালৈ কোনোধৰণৰ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই। লেণ্ডাৰ বিক্ৰমৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ বাবে শেষ আশা এতিয়া এক্স বেণ্ড।
চন্দ্ৰযান–২ অভিযানৰ সৈতে জড়িত এগৰাকী বিজ্ঞানীয়ে কয় এক্স বেণ্ডৰ জৰিয়তে লেণ্ডাৰ বিক্ৰম আৰু পৃথিৱীৰ সম্পৰ্ক স্থাপন হ’ব পাৰে। এক্স বেণ্ড সাধাৰণতে ৰাডাৰ, ছেটেলাইট কমিউনিকেশ্যন আৰু কম্পিউটাৰ নেটৱৰ্কৰ বাবে ব্যৱহাৰ কৰা হয়।
শুকুৰবাৰে নিশা লেণ্ডাৰ বিক্ৰমৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছিল ISROৰ। চন্দ্ৰপৃষ্ঠত কোন স্থানত বিক্ৰমে লেণ্ডিং কৰিলে সেয়া জানিব পৰা গৈছে। কিন্তু ৫ দিন অতিক্ৰম কৰাৰ পিছতো লেণ্ডাৰ বিক্ৰমৰ সৈতে সংযোগ স্থাপন সম্ভৱ হোৱা নাই।
বিক্ৰমৰ সৈতে সংযোগ স্থাপনৰ বাবে ISRO–এ কৰ্ণাটকৰ বয়ালালু গাঁৱত লগোৱা ৩২ মিটাৰৰ এণ্টিনা ব্যৱহাৰ কৰিছে। ISRO–এ অৰ্বিটাৰৰ জৰিয়তে লেণ্ডাৰ বিক্ৰমৰ সৈতে সংযোগ স্থাপনৰ চেষ্টা অব্যাহত ৰাখিছে।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|