মুখ্যপৃষ্ঠা »খবৰ »প্ৰযুক্তি »Countdown আৰম্ভ! উত্‍‍ক্ষেপণলৈ সম্পূৰ্ণ সাজু Chandrayaan-2

Countdown আৰম্ভ! উত্‍‍ক্ষেপণলৈ সম্পূৰ্ণ সাজু Chandrayaan-2

আজি বিয়লি ৬.৪৩ বজাৰ পৰাই আৰম্ভ হৈছে Chandrayaan-2ৰ উত্‍‍ক্ষেপণৰ Countdown

আজি বিয়লি ৬.৪৩ বজাৰ পৰাই আৰম্ভ হৈছে Chandrayaan-2ৰ উত্‍‍ক্ষেপণৰ Countdown

  • Share this:
    ২২ জুলাইত উৎক্ষেপণ কৰা হ’ব Chandrayaan-2। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা(ISRO) এ ইতিমধ্যে সম্পন্ন কৰিলে সকলো প্ৰস্তুতি।  ১৫ জুলাইত কাৰিকৰী সমস্যাৰ বাবে স্থগিত ৰখা হৈছিল GSLV মাৰ্ক III-M1 চন্দ্ৰযান ২ৰ উৎক্ষেপণ। উত্‍‍ক্ষেপণৰ ৫৬.২৪ মিনিট পূৰ্বে স্থগিত ৰখাৰ ঘোষণা কৰিছিল ISRO-এ। কিন্তু আগৰ বাৰ যিকেইটা বিসংগতিৰ বাবে Chandrayaan-2 উৎক্ষেপন কৰিব পৰা নগ’ল, সেই সমস্যা সমূহ ইতিমধ্যে দূৰ কৰিছে ISRO–এ। আজি বিয়লি ০৬.৪৩ বজাৰ পৰাই আৰম্ভ হৈছে Chandrayaan-2ৰ উত্‍‍ক্ষেপণৰ Countdown। ২০ ঘণ্টাধৰি চলিবলগীয়া এই Countdownৰ পিছত সোমবাৰে দিনৰ ২.৪৩ বজাত উত্‍‍ক্ষেপণ কৰা হ’ব Chandrayaan-2। এই অভিযান সফল হ’লে চন্দ্ৰত ৰভাৰ অৱতৰণ কৰোৱা চতুৰ্থখন দেশ হ’ব ভাৰত।






    শেহতীয়া বাতৰি