ISRO–এ চন্দ্ৰলৈ প্ৰেৰণ কৰা চন্দ্ৰযান–২ৰ বিক্ৰম লেণ্ডাৰক লৈ চলিছে বিভিন্ন জল্পনা–কল্পনা। লেণ্ডাৰ বিক্ৰমৰ সৈতে সংযোগ বিচ্ছিন্ন হোৱাৰ পিছৰে পৰা ISROৰ বিজ্ঞানীসকলে পুনৰ সংযোগ স্থাপনৰ বাবে চলাইছে অহৰহ প্ৰচেষ্টা। আজি লেণ্ডাৰ বিক্ৰম সন্দৰ্ভত কেতবোৰ ৰহস্য ভেদ হোৱাৰ সম্ভাৱনা আছে। আমেৰিকাৰ মহাকাশ সংস্থা NASAই নিজৰ লুনাৰ অৰ্বিটাৰৰ জৰিয়তে লেণ্ডাৰ বিক্ৰমৰ অৱতৰণৰ স্থানৰ আলোকচিত্ৰ প্ৰকাশ কৰিব। NASAৰ লুনাৰ অৰ্বিটাৰ আজি বিক্ৰম লেণ্ডাৰৰ অৱতৰণৰ স্থানৰ ওপৰেৰে চন্দ্ৰক প্ৰদক্ষিণ কৰিব।
অৱশ্যে, চন্দ্ৰৰ উক্ত স্থান আন্ধাৰ হোৱাৰ ফলত লেণ্ডাৰ বিক্ৰম আৰু অৱতৰণৰ স্থানৰ ফটো অস্পষ্ট হ’ব পাৰে। অৱশ্যে NASAৰ এই অৰ্বিটাৰ কোন সময়ত লেণ্ডাৰ বিক্ৰম আৰু অৱতৰণৰ স্থানৰ ওচৰ পাব সেয়া স্পষ্ট হোৱা নাই।
NASAৰ এই অৰ্বিটাৰৰ নাম ‘লুনাৰ ৰিকনিছেন্স অৰ্বিটাৰ’। ৭ ছেপ্টেম্বৰত চন্দ্ৰপৃষ্ঠত অৱতৰণৰ প্ৰাকক্ষণত ISROৰ নিয়ন্ত্ৰণ কক্ষৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছিল লেণ্ডাৰ বিক্ৰমৰ। ইয়াৰ পিছত চন্দ্ৰযান–২ৰ অৰ্বিটাৰৰ সহায়ত চন্দ্ৰপৃষ্ঠত লেণ্ডাৰ বিক্ৰমৰ অৱতৰণ কৰা স্থান সম্পৰ্কে জানিব পৰা গৈছিল। কিন্তু বিক্ৰমৰ সৈতে এইপৰ্যন্ত সংযোগ স্থাপন কৰিব পৰা নাই ISRO–এ।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|