உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • technology
    • »
    • BMW iX Launched in India : ভাৰতত মুকলি হ'ল BMWৰ বৈদ্যুতিক বাহন BMW iX, জানক ইয়াৰ দাম আৰু আকৰ্ষণীয় বৈশিষ্ট

    BMW iX Launched in India : ভাৰতত মুকলি হ'ল BMWৰ বৈদ্যুতিক বাহন BMW iX, জানক ইয়াৰ দাম আৰু আকৰ্ষণীয় বৈশিষ্ট

    BMW iX

    BMW iX

    BMW iXৰ ফ্লোৰ এৰিয়াত দুটা উচ্চ-ভল্টেজৰ বেটাৰি আছে যাৰ সন্মিলিত ক্ষমতা ৭৬.৬ কিলোৱাট আৰু ই ৪২৫ কিলোমিটাৰ (425 kilometres) পৰ্যন্ত চাৰ্জ প্ৰদান কৰে।

    • Share this:
    জাৰ্মানীৰ বিলাসী গাড়ী নিৰ্মাতা, BMW য়ে আজি ভাৰতত ইয়াৰ প্ৰথমখন বৈদ্যুতিক বিলাসী ছেডান BMW iX মুকলি কৰিছে। গাড়ীখন ভাৰতৰ মুখ্য মহানগৰসমূহৰ BMW ডিলাৰশ্বিপৰ লগতে কোম্পানীৰ ৱেবছাইটৰ জৰিয়তে বুক কৰিব পাৰি। BMW iXৰ ডেলিভাৰী ২০২২ৰ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব। BMW iXৰ BMW iX xDrive40 মডেলৰ বাহনখনৰ প্ৰাৰম্ভিক মূল্য (ex-showroom) হৈছে  ১ কোটি ১৫ লাখ ৯০ হাজাৰ টকা।

    BMW iXএ ভাৰতত আন বিলাসী বৈদ্যুতিক গাড়ী যেনে Porsche Taycan, Mercedes-Benz EQC, and Audi e-tronৰ সৈতে ফেৰ মাৰিব ওলাইছে।

    এই BMW iX বাহন  মিনাৰেল হোৱাইট (Mineral White), ফাইটোনিক ব্লু (Phytonic Blue), ব্লেক ছেফাইয়াৰ (Black Sapphire) আৰু  ছফিষ্টো গ্ৰে (Sophisto Grey) ৰঙত পোৱা যাব। অৱশ্যে কোনোবাই বিচাৰিলে ব্যক্তিগতভাৱে এডভেনচাৰাইন ৰেড (BMW Individual Aventurine Red metallic paint) মেটালিক পেইণ্ট ফিনিছিঙতো লাভ কৰিব।



    এইটোও পঢ়ক : Royal Enfield Twin 650 Anniversary Edition: মাত্ৰ ১২০ ছেকেণ্ডত বিক্ৰী হৈ গ’ল Royal Enfieldৰ এই বাইক!

    BMW iX-ত চেন্সৰ, কেমেৰা আৰু ৰাডাৰ টেকৰ সৈতেকিডনী গ্ৰিল, বডীৰ দাঁতিবোৰত প্ৰক্সিমিটি চেন্সৰ, সন্মুখৰ লোগোৰ তলত ফ্লাছ ডোৰ অপেনাৰ, পিছফালৰ লোগোত ৱাছাৰ থকা কেমেৰা, ইণ্টিগ্ৰেটেড স্পীকাৰ, আন আন সুবিধাৰ লগতে  ইনষ্ট্ৰুমেণ্ট পেনেলত BMW Head-Up Display’s প্ৰজেক্টৰ সংযুক্ত কৰা আছে।

    আন আন ফিচাৰৰ ভিতৰত উল্লেখ্য হৈছে BMW Curved Glass Display, ৰেচিং কাৰৰ দৰে হেক্সাগনেল ষ্টীয়াৰিং, ইলেকট্ৰ'ক্ৰমিক গ্লাছ ৰুফ, মাল্টীফাংচনেল আসন আৰু ১৭৫০ লিটাৰৰ লাগেজ কেপাচিটী।

    BMW iXত আছে BMW eDrive টেকলোলজী, ছিংগল স্পীড ট্ৰান্সমিছন আৰু পাৱাৰ ইলেকট্ৰ'নিক্স। BMW iX ৩২৬ অশ্বশক্তিৰ সহায়ত মাত্ৰ ৬.১ ছেকেণ্ডত মুহূৰ্ততে প্ৰতিঘণ্টাত  ০ৰ পৰা ১০০ কিলোমিটাৰ (0 to 100 kmph in 6.1 seconds)লৈ এচেলাৰেট কৰিব পাৰে।

    ‘My Modes’ অপচনৰ সহায়ত ড্ৰাইভিং মুড পাৰ্ছনেল, স্পোৰ্টছ বা ইফিচিয়েণ্ট মুদলৈ সলাব পাৰে।

    BMW iXৰ ফ্লোৰ এৰিয়াত দুটা উচ্চ-ভল্টেজৰ বেটাৰি আছে যাৰ সন্মিলিত ক্ষমতা ৭৬.৬ কিলোৱাট আৰু ই ৪২৫ কিলোমিটাৰ (425 kilometres) পৰ্যন্ত চাৰ্জ প্ৰদান কৰে। BMW iXএ দ্ৰুত চাৰ্জিং নিশ্চিত কৰিব। পৰিচয় মূলক অফাৰ হিচাপে, BMW iX এক প্ৰশংসনীয় স্মাৰ্ট বিএমডব্লিউ ৱালবক্স চাৰ্জাৰ (BMW Wallbox charger) সৈতে লাভ কৰিব। ইয়াক ঘৰত সংযুক্ত কৰিব পাৰি যাতে 11 কিলোৱাটলৈকে সুৰক্ষিত আৰু সুবিধাজনক চাৰ্জিং কৰিব পৰা হয়।



    BMW iXত আছে ১২.৩ ইঞ্চিৰ ডিজিটেল ইনফৰমেচন ডিচপ্লে, ১৪.৯ ইঞ্চিৰ কণ্ট্ৰোল পেনেল ডিচপ্লে। BMW iXত থাকিব ১৮টা স্পীকাৰযুক্ত হাৰ্মান কাৰডন ছাৰাউণ্ড চাউণ্ড ছিষ্টেম (Harman Kardon Surround Sound System).

    BMW iXত দুবছৰৰ বাবে আনলিমিটাড কিলোমিটাৰৰ বাবে ষ্টেণ্ডাৰ্ড ৱাৰেণ্টী লাভ কৰিব। বেটাৰীবোৰ আঠ বছৰ বা 160,000 কিলোমিটাৰ লৈকে বৈধ ৱাৰেণ্টীৰ দ্বাৰা কাভাৰ কৰা হয়। কোনো মাইলেজ সীমাবদ্ধতা অবিহনে অপাৰেচনৰ তৃতীয় বছৰৰ পৰা সৰ্বাধিক পঞ্চম বছৰলৈ মেৰামতিৰ ৱাৰেণ্টীৰ লাভ বৃদ্ধি কৰিব পাৰে।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Manjumoni Borah
    First published: