উত্তৰ পূৱ সীমান্ত ৰে'লৱেত নতুন ইতিহাস । প্ৰথমবাৰৰ বাবে চলিল ইলেকট্ৰিক মালবাহী বাণিজ্যিক ট্ৰেইন । বঙাইগাঁৱৰ পৰা নিশা ৯.৩০ বজাত ৰঙিয়া ৰে'ল ষ্টেচন পায়হি মালবাহী ৰে'লখন । ৰঙিয়াত আদৰণি জনালে ৰে'ল বিভাগৰ শীৰ্ষ বিষয়াই । উপস্থিত থাকে ৰঙিয়া ৰে'লৱে মাণ্ডলিক ৰে'ল প্ৰৱন্ধক ভি এ মালেগাওকাৰ ।
অতি শীঘ্ৰে অসমত চলিব বিদ্যুৎ চালিত যাত্ৰীবাহী ৰে'ল । ইয়াৰ পূৰ্বে এনেদৰে মালবাহী ৰে'ল চলোৱা হৈছে । শব্দ আৰু বায়ু প্ৰদুষণ মুক্ত বৈদ্যুতিক ৰে'লেৰে যাতায়াত কৰিলে পূৰ্বৰ তুলনাত অতি কম সময়ৰ ভিতৰত নিজৰ গন্তব্য স্থানলৈ গতি কৰিব পাৰিব যাত্ৰীসকলে । উল্লেখ্য যে শ্ৰীৰামপুৰৰ পৰা কামাখ্যা ষ্টেচনলৈকে বিদ্যুৎ চালিত ৰে'ল চলোৱাৰ বাবে ইতিমধ্যে ৰে'লপথ বৈদ্যুতিকৰণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে । ইয়াৰ পিছত পৰৱৰ্তী সময়ত সমগ্ৰ অসমতে ৰে'লপথ সমূহ বৈদ্যুতিকৰণ কৰা হ'ব ।
Published by: Kokil Sarma
FIRST PUBLISHED : April 10, 2021, 14:04 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।