কেৱল অসমতেই ৪৪.২৪ শতাংশ শিশুৰ হাতত নাই কোনো ডিজিটেল ডিভাইচ । অর্থাৎ অসমৰ প্ৰায় ৩১লক্ষ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ হাতত উপলব্ধ নহয় অনলাইন ক্লাছ কৰিব পৰাকৈ এন্দ্ৰইড ফোন বা কম্পিউটাৰ । বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে জাৰি কৰা Initiatives by School Education Sector 2021 শীৰ্ষক এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই চিন্তাজনক তথ্য ।
কেৱল অসমতেই ৪৪.২৪ শতাংশ শিশুৰ হাতত নাই কোনো ডিজিটেল ডিভাইচ । অর্থাৎ অসমৰ প্ৰায় ৩১লক্ষ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ হাতত উপলব্ধ নহয় অনলাইন ক্লাছ কৰিব পৰাকৈ এন্দ্ৰইড ফোন বা কম্পিউটাৰ । বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে জাৰি কৰা Initiatives by School Education Sector 2021 শীৰ্ষক এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই চিন্তাজনক তথ্য ।
অতি সম্প্ৰতি Covid-19 মহামাৰীয়ে দেশত সৃষ্টি কৰা অভূতপূৰ্ব পৰিস্থিতিৰ ফলত নিঃসন্দেহে শিক্ষা খণ্ড সন্মুখীন হৈছে বহু কেইটা জটিল প্ৰত্যাহ্বানৰ । বিদ্যালয় বন্ধ হৈ যোৱাৰ ফলত যদিও অভিনৱ অনলাইন পদ্ধতিৰে পাঠদান আৰম্ভ হ’ল; কিন্তু হাতত digital device নোহোৱাৰ ফলত কিন্তু বুনিয়াদী শিক্ষাৰ পৰা বঞ্চিত হ’ল কোটি-কোটি শিশু । কেৱল অসমতেই ৪৪.২৪ শতাংশ শিশুৰ হাতত নাই কোনো ডিজিটেল ডিভাইচ । অর্থাৎ অসমৰ প্ৰায় ৩১লক্ষ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ হাতত উপলব্ধ নহয় অনলাইন ক্লাছ কৰিব পৰাকৈ এন্দ্ৰইড ফোন বা কম্পিউটাৰ । বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে জাৰি কৰা Initiatives by School Education Sector 2021 শীৰ্ষক এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই চিন্তাজনক তথ্য ।
এই প্ৰতিবেদনত ২২খন ৰাজ্য আৰু ৭খন কেন্দ্ৰীয় শাসিত অঞ্চলত বিৰাজমান Digital Divide প্ৰকাশ পাইছে । প্ৰতিবেদনত অসমৰ বিষয়ে এনেদৰে উল্লেখ আছে – যদিও অসমত ডিজিটেল ডিভাইছ বিতৰণ কৰা হোৱা নাছিল; কিন্তু শিক্ষকক নিয়মিত ভাৱে ছাত্ৰ-ছাত্ৰীৰ ঘৰলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছিল । লগতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এটা হেল্পলাইন নম্বৰ মুকলি কৰা হৈছিল ।
উল্লেখযোগ্য যে ভাৰতৰ আন কিছু ৰাজ্যৰ অৱস্থা অসমতকৈও শোচনীয় । মধ্য প্ৰদেশত ৭০শতাংশৰ হাতত নাই তেনে ডিভাইচ । বিহাৰৰ তেনে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে ৫৮ শতাংশ । অন্ধ্ৰ প্ৰদেশত ৫৭শতাংশ, ঝাড়খণ্ডত ৪৩শতাংশ, উত্তৰাখণ্ডত ৪১শতাংশ আৰু গুজৰাটত ৪০শতাংশ । দুখন ডাঙৰ ৰাজ্য ক্ৰমে – উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগই এই প্ৰতিবেদন যুগুত কৰিবলৈ তথ্যৰ যোগান নধৰাত সৰ্ব-ভাৰতীয় পৰিসংখ্যা উলিয়াব পৰা নগ’ল ।
প্ৰতিবেদনত উল্লেখ কৰা মতে তামিলনাডু চৰকাৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত ৫.১৫লক্ষ লেপটপ বিতৰণ কৰাৰ বিপৰীতে বিহাৰ চৰকাৰে মাথোঁ ৪২টা মোবাইল ফোন বিতৰণ কৰিছে ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|