এপল (Apple)ৰ পৰৱৰ্তী ছিৰিজ অৰ্থাৎ iPhone 14ৰ সৈতে জড়িত লীক ৰিপ’ৰ্ট প্ৰকাশ পাইছে। শেহতীয়াকৈ এক ৰিপ’ৰ্ট অনুসৰি, iPhone 14 Proত ট্ৰিপল ৰিয়েৰ কেমেৰা ছেটআপ পোৱা যাব, যাৰ মেইল লেঞ্চ 48MP হ’ব। ইয়াৰ উপৰি ছেটআপত 12MP আলট্ৰা–ৱাইড এংগল লেঞ্চ আৰু 12MPৰ টেলিফোটো কেমেৰা থাকিব। মাৰ্কেট এনালিষ্টৰ ফালৰ পৰা লিখা ৰিপ’ৰ্ট মতে, প্ৰ’ মডেল লাইনআপত 8GBলৈ RAM দিয়া হ’ব পাৰে।
কোম্পানীয়ে আইফোন ১৪ লাইনআপত চাৰিটা মডেল লঞ্চ কৰিব পাৰে। য’ত আইফোন ১৪ প্ৰ’ আৰু আইফোন ১৪ প্ৰ’ মেক্স দুটা প্ৰিমিয়াম হেণ্ডছেট হ’ব। আনহাতে, আইফোন ১৪ আৰু আইফোন ১৪ মেক্স দুটা ইক’নমিকেল হেণ্ডছেট হ’ব। MacRumorsৰ ৰিপ’ৰ্ট মতে, এনালিষ্ট Jeff Pu–এ স্মাৰ্টফোনৰ কেমেৰা ছেটআপ আৰু ৰেমৰ অনুমান এক ৰিছাৰ্চ নোটত ব্যৱহাৰ কৰিছে। এনালিষ্টগৰাকীৰ মতে, দুয়োটা প্ৰ’ মডেলত ৱাইড এংগল শ্বুটাৰৰ সৈতে 12MPৰ আলট্ৰা ৱাইড এংগল আৰু টেলিফটো কেমেৰা থাকিব।
স্মাৰ্টফোনেৰে কৰিব পাৰিব 8K ভিডিঅ’ ৰেকৰ্ডিং
এয়া আইফোন ১৩ প্ৰ’ আৰু প্ৰ’ মেক্সৰ তুলনাত কেমেৰাৰ ডাঙৰ সালসলনি হ’ব, য’ত 12MPৰ ৱাইড এংগল লেঞ্চৰ সৈতে আলট্ৰা ৱাইড এংগল লেঞ্চ আৰু টেলিফটো কেমেৰা পোৱা যায়। ইয়াৰ উপৰি কিছু আন ৰিপ’ৰ্টতো আইফোন ১৪ প্ৰ’ (iPhone 14 Pro)ৰ কেমেৰা ডিটেইলছক লৈ দাবী কৰা হৈছে। টি এফ ইণ্টাৰনেচনেল ছিকিউৰিটী এনালিষ্ট Ming-Chi Kuo–এ অনুমান কৰিছে যে এই মডেলত 48MPৰ মেইন কেমেৰা দিয়া হ’ব পাৰে। এই স্মাৰ্টফোন 8K ভিডিঅ’ ৰেকৰ্ডিঙৰ সৈতে আহিব।
Jeff Puৰ মতে iPhone 14 Pro আৰু Pro Maxত দিয়া হ’ব পাৰে। ইয়াতো আইফোন ১৩ প্ৰ’ ছিৰিজৰ তুলনাত এক আপগ্ৰেড দেখা যাব পাৰে, য’ত 6GBলৈ RAM দিয়া হৈছে। Jeff Pu–এ অনুমান কৰিছে যে আইফোন ১৪ত 120Hzৰ ডিছপ্লে দিয়া হ’ব পাৰে। ইয়াৰ উপৰি ষ্টেণ্ডাৰ্ড মডেলটোত 64GBৰ ষ্ট’ৰেজ দিয়া হ’ব পাৰে। আইফোন ১৩ৰ বেছ ভেৰিয়েণ্টত 128GB ষ্ট’ৰেজ পোৱা যায়।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|