চীনৰ স্মাৰ্টফোন কোম্পানী পক’ (POCO)ৰ বাজেট ছেগমেণ্টৰ এম৩ (M3) মডেলৰ ফোন বিস্ফোৰণ হোৱাৰ খবৰ পোহৰলৈ আহিছে। টুইটাৰত মহেশ নামৰ এজন ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে তেওঁৰ ভাতৃৰ এই ফোন বিস্ফোৰিত হৈছে। ২৭ নৱেম্বৰত লোকজনে নিজৰ টুইটাৰ হেণ্ডেলত এখন ফটোসহ এই কথা সদৰি কৰিছে, য’ত ক্ষতিগ্ৰস্ত অৱস্থাত ফোনটো দেখা গৈছে। ফটোখনত ফোনটোৰ কেৱল কেমেৰাৰ অংশহে আছে, বাকী অংশ জ্বলি গৈছে।
ফোনটো কিয় বিস্ফোৰণ ঘটিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। ইয়াৰ মাজতে পক’ৱে কৈছে যে তেওঁলোকে ইয়াৰ কাৰণ বিচাৰি ওলিওৱাৰ চেষ্টা চলাইছে। ছচিয়েল মিডিয়াত ভাইৰেল হোৱা ফটোত ফোনটোৰ অৱস্থা দেখি অনুমান কৰা হৈছে যে হয়তো ফোনটো ভয়ংকৰভাৱে বিস্ফোৰিত হৈছিল।
আপোনাৰ পাছৱৰ্ড কি? ‘iloveyou’, ‘xxx’, নে '12345' ? ভাৰতত সৰ্বাধিক ব্যৱহাৰ কৰা Password কি জানেনে?অৱশ্যে স্মাৰ্টফোন বিস্ফোৰণৰ এয়া প্ৰথম ঘটনা নহয়। ইয়াৰ পূৰ্বে OnePlusৰ ফোন বিস্ফোৰিত হৈছিল। এবাৰ দুবাৰ নহয়, তিনিবাৰ। তিনি মাহত তিনিবাৰ ৱান প্লাছৰ নৰ্ড ২ (OnePlus Nord 2) ফোন বিস্ফোৰিত হৈছিল। সেই ফোন বিস্ফোৰণৰ কাৰণো জানিব পৰা হোৱা নাছিল। কোম্পানীয়ে কৈছিল যে ইয়াৰ তদন্ত চলি আছে।
কিয় বিস্ফোৰিত হয় ফোন?স্মাৰ্টফোন ব্লাষ্ট হোৱাৰ মুখ্য কাৰণ ইয়াৰ বেটাৰী। টেক এক্সপাৰ্টৰ মতে, সাধাৰণতে ফোন ব্লাষ্টৰ ঘটনা খুব দুৰ্লভ, কিন্তু চিন্তনীয়। কেতিয়াবা ইয়াৰ আঁৰত ব্যৱহাৰকাৰীৰো ভুল থাকে, যিটো তেওঁলোকে আওকাণ কৰে। কিয়নো ম’বাইল ফোন ‘পকেট ফ্ৰেণ্ডলী’ হয়, সেইবাবে তাত ঠাই খুব কম থাকে। ফোনত মুখ্যত লিথিয়াম–আয়ন বা লিথিয়াম–পলিমাৰ বেটাৰী ব্যৱহাৰ কৰা হয়। লিথিয়াম সাধাৰণতে অত্যধিক প্ৰতিক্ৰিয়াশীল হয়।
১০ হাজাৰ টকাৰ তলৰ কমদামী Top-5 Best Smartphonesএই ভুল কেতিয়াও নকৰিব– ফোনত অধিক প্ৰেছাৰ পৰিবলৈ নিদিব। অধিক গৰম বা ঠাণ্ডাত অধিক সময় থাকিবলৈ নিদিব। ওখ স্থানৰ পৰা পৰিবলৈ নিদিব আৰু অধিক গৰম হ’বলৈ নিদিব।
– নকলী চাৰ্জাৰ ব্যৱহাৰ নকৰিব। বেয়া চাৰ্জাৰ আৰু কেবলৰ বাবে আপোনাৰ ফোনৰ বেটাৰী প্ৰভাৱিত হ’ব পাৰে।
– বেটাৰী ফুলি থাকিলে, সেয়া আওকাণ নকৰিব। সময় থাকোতে সলাই লওক বা ফোন সলনি কৰক।
– অভাৰচাৰ্জিঙো ফোনৰ বেটাৰীত প্ৰভাৱ পৰাৰ কাৰণ হ’ব পাৰে। দীৰ্ঘ সময়ৰ বাবে চাৰ্জিঙত লগাই নথ’ব।
– চাৰ্জিঙত লগাই গেম নেখেলিব, চিনেমা নাচাব আৰু আন কাম নকৰিব। ফোন চাৰ্জ কৰাৰ সময় ফোনত কথাও নাপাতিব। ইয়াৰ ফলত আপোনাৰ ফোনত অধিক প্ৰভাৱ পৰে আৰু সোনকালে গৰম হৈ পৰে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assameseঅসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|