Dancing Baby: ভিডিঅ'টোৰ স্ৰষ্টা মাইকেল জিৰাৰ্ড জন চাডউইক আৰু ৰবাৰ্ট লুৰীয়েই ২৬ বছৰ পুৰণি ডেন্সিং বেবীৰ 3D ভাৰ্ছন এটা মুকলি কৰিবলৈ গৈ আছে। ভিয়েনা (Vienna)ৰ HFA ষ্টুডিঅ'ত ইয়াৰ কাম প্ৰায় শেষ পৰ্যায় পাইছে।
Dancing Baby: ভিডিঅ'টোৰ স্ৰষ্টা মাইকেল জিৰাৰ্ড জন চাডউইক আৰু ৰবাৰ্ট লুৰীয়েই ২৬ বছৰ পুৰণি ডেন্সিং বেবীৰ 3D ভাৰ্ছন এটা মুকলি কৰিবলৈ গৈ আছে। ভিয়েনা (Vienna)ৰ HFA ষ্টুডিঅ'ত ইয়াৰ কাম প্ৰায় শেষ পৰ্যায় পাইছে।
আজি-কালি ভিডিঅ' এটা ভাইৰেল হোৱাটো সাধাৰণ কথা হৈ পৰিছে। কিন্তু আজিৰ পৰা ২৬ বছৰ আগতেও ভিডিঅ' ভাইৰেল হৈছিল. যদিও কাৰো হাতে হাতে মোবাইল নাছিল। বিংশ শতিকাৰ শেষৰ পিনে ১৯৯৬ চনত নাচি থকা কেচুৱা (Dancing Baby) এটাৰ গ্ৰাফিক ভিডিঅ' ভাইৰেল হৈছিল, যিটোক হয়তো সকলোতকৈ পুৰণি ভাইৰেল ভিডিঅ' (Viral Video) আখ্যা দিব পাৰি। এতিয়া এই ভিডিঅ'টো 3D ৰূপত NFT ভাৰ্ছনত নতুনকৈ ডেভেলপ কৰা হৈছে। ভিডিঅ' অতি সোনকালেই সকলোৰে মোবাইলত ভুমুকি মাৰিব।
১৯৯৬ চনত, যেতিয়া মোবাইল নাছিলেই, তেতিয়া ইমেইলত ভাইৰেল হৈছিল এই গ্ৰাফিক ডেন্সিং বেবীৰ ভিডিঅ'। পিছলৈ বাতৰিটো প্ৰচাৰ হৈছিল ভিডিঅ'টোৰ কথা। যদি এই কেচুৱাটো সঁচা হ'লহেতেন তেন্তে আজি তাৰ বয়স ২৬ বছৰ হ'লহেঁতেন। CNNএ এটা নিউজত প্ৰকাশ কৰিছে।
এতিয়া ভিডিঅ'টোৰ স্ৰষ্টা মাইকেল জিৰাৰ্ড জন চাডউইক আৰু ৰবাৰ্ট লুৰীয়েই ২৬ বছৰ পুৰণি ডেন্সিং বেবীৰ 3D ভাৰ্ছন এটা মুকলি কৰিবলৈ গৈ আছে। ভিয়েনা (Vienna)ৰ HFA ষ্টুডিঅ'ত ইয়াৰ কাম প্ৰায় শেষ পৰ্যায় পাইছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|