• Home
  • »
  • News
  • »
  • technology
  • »
  • JioPhone Next: ৰিলায়েন্সৰ বহু প্ৰতীক্ষিত স্মাৰ্টফোন শীঘ্ৰেই বজাৰলৈ, সুলভ মূল্যৰ জিঅ' ফোন নেক্সটত পাব এনে সুবিধা

JioPhone Next: ৰিলায়েন্সৰ বহু প্ৰতীক্ষিত স্মাৰ্টফোন শীঘ্ৰেই বজাৰলৈ, সুলভ মূল্যৰ জিঅ' ফোন নেক্সটত পাব এনে সুবিধা

 জিঅ'ই কয় যে জিঅ' ফোন নেক্সট ইয়াৰ অন্যান্য সেৱাৰ দৰে– "মেড ইন ইণ্ডিয়া, মেড ফৰ ইণ্ডিয়া আৰু মেড বাই ইণ্ডিয়ানছ"

জিঅ'ই কয় যে জিঅ' ফোন নেক্সট ইয়াৰ অন্যান্য সেৱাৰ দৰে– "মেড ইন ইণ্ডিয়া, মেড ফৰ ইণ্ডিয়া আৰু মেড বাই ইণ্ডিয়ানছ"

জিঅ'ই কয় যে জিঅ' ফোন নেক্সট ইয়াৰ অন্যান্য সেৱাৰ দৰে– "মেড ইন ইণ্ডিয়া, মেড ফৰ ইণ্ডিয়া আৰু মেড বাই ইণ্ডিয়ানছ"

  • Share this:

প্ৰতিজন ভাৰতীয়ই জিঅ' ফোন নেক্সট মুকলিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। আৰু এই অপেক্ষাৰ শীঘ্ৰেই অন্ত পৰিব। ৰিলায়েন্স জিঅ'ই দেৱালীৰ আগে আগে 'মেকিং অৱ জিঅ' ফোন নেক্সট'ৰ এক ভিডিঅ' মুকলি কৰিছে। এই ভিডিঅ'ত জিঅ' ফোন নেক্সটৰ বিষয়ে সম্যক ধাৰণা দিয়া হৈছে।


বছৰটোৰ আটাইতকৈ প্ৰত্যাশিত ৪–জি সুলভ মূল্যৰ স্মাৰ্টফোন সম্পৰ্কত ভিডিঅ'টোত জিঅ'ই কয় যে জিঅ' ফোন নেক্সট ইয়াৰ অন্যান্য সেৱাৰ দৰে "মেড ইন ইণ্ডিয়া, মেড ফৰ ইণ্ডিয়া আৰু মেড বাই ইণ্ডিয়ানছ"। ডিভাইচটোৰ লক্ষ্য হৈছে প্ৰতিজন ভাৰতীয়কে ডিজিটেল প্ৰযুক্তিৰ সমান সুযোগ আৰু সমান প্ৰৱেশাধিকাৰ পোৱাটো নিশ্চিত কৰা।


ভিডিঅ'টোত স্মাৰ্টফোনটোৰ ডিজাইন সন্দৰ্ভতো উল্লেখ কৰিছে, ইয়াৰ পিছফালে থকা ১৩ মেগাপিক্সেল কেমেৰাক লৈ হাইলাইট কৰা হৈছে। ছেপ্টেম্বৰত কোম্পানীটোৰ ৪৪তম বাৰ্ষিক সাধাৰণ সভাত (AGM) ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানিয়ে ঘোষণা কৰা অনুসৰি, ফোনটো এণ্ড্ৰইড OSত চলিব। ৰিলায়েন্স জিঅ'ই কৈছিল যে পৰৱৰ্তী সময়ত জিঅ' ফোনটো কোৱালকম প্ৰচেছৰ (Qualcomm Processor)ৰ সৈতে বজাৰলৈ আহি আছে৷ কানেক্টিভিটী, লোকেচন টেকনোলজী, অডিঅ' আৰু বেটাৰিৰ দৰে ডিভাইচৰ ক্ষেত্ৰত অধিক নিখুঁত হ'বলৈ এই কোৱালকম প্ৰচেছৰটো জিঅ' ফোন নেক্সটত ব্যৱহাৰ কৰা হৈছে৷


উল্লেখ্য, জিঅ'ই মুকলি কৰা ভিডিঅ'টোত কোৱা হৈছে যে নতুন ফোনটো প্ৰগতি (Pragati) অপাৰেটিং ছিষ্টেমৰ দ্বাৰা চালিত হ'ব, যিটো এণ্ড্ৰইড অপাৰেটিং চিষ্টেমৰ সৈতে সংযোজিত। জিঅ' আৰু গুগলে মিলি নতুন প্ৰগ্ৰতি অপাৰেটিং ছিষ্টেমটো বিকশিত কৰিছে।

জিঅ'ৰ এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে, 'জিঅ' ফোন নেক্সটত প্ৰযুক্তি সম্পূৰ্ণ নতুন ধৰণে দেখা যাব৷ অপ্টিক্সৰ ক্ষেত্ৰত জিঅ'ফোনত "স্মাৰ্ট আৰু শক্তিশালী কেমেৰা" থাকিব, যি বিভিন্ন ফটোগ্ৰাফী মোড যেনে পোট্ৰেইট মোড, নাইট মোড অধিক সন্তুষ্টিদায়ক কৰিব। ব্যৱহাৰকাৰীসকলে ছবিবোৰ উন্নত কৰিবলৈ "কাষ্টম ইণ্ডিয়ান অগমেন্টেড ৰিয়েলিটি ফিল্টাৰ" লাভ কৰিব।


আনহাতে ইয়াৰ 'ট্ৰান্সলেট' কাৰ্যক্ষমতাই ব্যৱহাৰকাৰীসকলক ব্যৱহাৰকাৰীৰ পছন্দৰ ভাষালৈ যিকোনো স্ক্ৰীন অনুবাদ কৰিবলৈ সুবিধা দিয়ে। অন্যান্য সুবিধাবোৰৰ ভিতৰত আছে প্ৰি-লোডেড গুগল এপিপিএছ, প্ৰগতি অ'এছৰ সৈতে ভাল বেটাৰী লাইফ আৰু স্বয়ংক্ৰিয় ছফ্টৱেৰ আপডেট। কোম্পানীটোৱে মূল্য নিৰ্ধাৰণ আৰু উপলব্ধতাৰ বিৱৰণ শীঘ্ৰেই মুকলি কৰিব।

Published by:Gautam Barman
First published: