5G স্পেকট্ৰামৰ নিলামৰ পিছৰে পৰা দেশৰ সকলো জনসাধাৰণে ইয়াৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। কিন্তু এতিয়া দেখা গৈছে যে ইয়াৰ অপেক্ষা হয়তো অন্ত পৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে ১ অক্টোবৰত আৰম্ভ কৰিব পাৰে 5G সেৱা। অক্টোবৰ মাহতে বহু চহৰত আৰম্ভ হ’ব 5G সেৱা। এই খবৰ সন্দৰ্ভত অধিক বিৱৰণ দি চিএনবিচি-আৱাজৰ অসীম মনচন্দাই কয় যে ১ অক্টোবৰৰ পৰা দেশত আৰম্ভ হ’ব পাৰে 5G সেৱা। প্ৰতিবেদন অনুসৰি, ইয়াৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সেউজ সংকেত দিছে আৰু সেইদিনাৰ পৰা আৰম্ভ হ’ব পাৰে 5G সেৱা।
ইয়াৰ উপৰিও সেৱা আৰম্ভ হোৱাৰ লগে লগে অক্টোবৰৰ পৰা বহু চহৰত গ্ৰাহকৰ বাবেও 5G সেৱা উপলব্ধ কৰা হ’ব। ইয়াৰ মুকলি কাৰ্যসূচীত টেলিকম উদ্যোগৰ সকলো স্বত্বাধিকাৰী তথা বিষয়ববীয়া উপস্থিত থাকিব বুলি আশা কৰা হৈছে।
এই অনুষ্ঠানত মুকেশ আম্বানী, সুনীল মিট্টাল, কুমাৰ মঙলম বিৰলাৰ দৰে উদ্যোগ ক্ষেত্ৰৰ প্ৰখ্যাত ব্যক্তি উপস্থিত থাকিব। সেই সময়ত প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত টেলিকম কোম্পানীসমূহে 5G সেৱাৰ ডেমো দিব। এই সময়ছোৱাত কোম্পানীসমূহে 5G মুকলি কৰাৰ আনুষ্ঠানিক ঘোষণা কৰিব পাৰে।
তদুপৰি অসীম মনচন্দায়ে কয় যে টেলিকম কোম্পানীসমূহৰ পৰিকল্পনাৰ কথা কৈ আৰ-জিঅ’ই দীপাৱলীৰ ভিতৰত মেট্ৰ’ চহৰসমূহত 5G মুকলি কৰাৰ কথা ঘোষণা কৰিছে। ৰিলায়েন্সৰ এজিএমত এই সন্দৰ্ভত ঘোষণা কৰিছিল ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে।
একে সময়তে ভাৰতী এয়াৰটেলেও 5G সেৱা আৰম্ভ কৰাৰ সম্পূৰ্ণ প্ৰস্তুতি চলাইছে। 5G সেৱা আৰম্ভ কৰিবলৈ সাজু হৈছে এয়াৰটেল। অনুমান কৰা হৈছে যে ভাৰতী এয়াৰটেলৰ সেৱা অক্টোবৰৰ পৰা বাৰাণসী, দিল্লী আৰু বাংগালোৰত উপলব্ধ হ'ব।
অসীম মনচন্দাই কয় যে যদি আমি টেলিকম খণ্ডৰ আন এটা কোম্পানী ভোডাফোন আইডিয়াৰ কথা কওঁ, তেন্তে ইও ৫জি সেৱাৰ বাবে প্ৰস্তুতি চলাই আছে। ইয়াৰ দ্বাৰা কিছু নিৰ্বাচিত স্থানত 5G সেৱা মুকলি কৰাৰ সম্ভাৱনা আছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|