5G Network Services: চলিত বছৰৰ শেষৰ পিনেই ভাৰতত আৰম্ভ হ'ব 5G সেৱা। হাই স্পীড ইণ্টাৰনেট সেৱা প্ৰদানৰ 5G সেৱা (5G services) আৰম্ভ কৰা হ'ব দেশত।
5G Network Services: চলিত বছৰৰ শেষৰ পিনেই ভাৰতত আৰম্ভ হ'ব 5G সেৱা। হাই স্পীড ইণ্টাৰনেট সেৱা প্ৰদানৰ 5G সেৱা (5G services) আৰম্ভ কৰা হ'ব দেশত।
চলিত বছৰৰ শেষৰ পিনেই ভাৰতত আৰম্ভ হ'ব 5G সেৱা। হাই স্পীড ইণ্টাৰনেট সেৱা প্ৰদানৰ 5G সেৱা (5G services) আৰম্ভ কৰা হ'ব দেশত। এই বৰ্ষৰ শেষলৈকে ভাৰতৰ বহু চহৰত 5G সেৱা আৰম্ভ কৰাৰ আশা কৰা হৈছে। আজি এই মন্তব্য কৰে কেন্দ্ৰীয় টেলিকম মন্ত্ৰী অশ্বীনি বৈভৱে।
আগন্তুক ১৫ আগষ্টৰ ভিতৰত 5G স্পেকট্ৰম আবণ্টন সম্পূৰ্ণ কৰাৰ আশা কৰা হৈছে। স্পেকট্ৰম আবণ্টন সম্পূৰ্ণ হোৱাৰ পিছতে 5G আৰম্ভ কৰা হ'ব। এই মন্তব্য টেলিকম মন্ত্ৰী বৈভৱ (Telecom Minister Ashwini Vaishnaw)ৰ। মন্ত্ৰী বৈভৱে আশা কৰা মতে আগন্তুক ছেপ্টেম্বৰ-অক্টোবৰৰ ভিতৰত 5G সেৱা আৰম্ভ কৰিব পৰা হ'ব।
উল্লেখ্য যে ইতিমধ্য 5G স্পেকট্ৰম আবণ্টনৰ নিবিদা (5G spectrum auction) প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু প্ৰথম দিনাই ১.৪৫ লাখ কোটি টকাৰ নিবিদা পৰিছে। টেলিকম মন্ত্ৰী অশ্বীনি বৈভৱৰ উদ্ধৃতিৰে পিটিআইয়ে এই বাতৰি প্ৰকাশ কৰিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|