দূৰসংযোগ বিভাগে ঘোষণা কৰিছে যে ২০২২ চনত ভাৰতত 5G ইণ্টাৰনেট (5G internet) সেৱা আৰম্ভ কৰা হ'ব। এক প্ৰেছ বিবৃতি অনুসৰি আৰম্ভণিতে সমগ্ৰ দেশৰ ১৩খন চহৰে 5G সেৱা লাভ কৰিব। এই ১৩খন চহৰ হৈছে আহমেদাবাদ, বেংগালুৰু, চণ্ডিগড়, চেন্নাই, দিল্লী, গান্ধীনগৰ, গুৰুগ্ৰাম, হায়দৰাবাদ, জামনগৰ, কলকাতা, লক্ষ্ণৌ, মুম্বাই আৰু পুনে।
অৱশ্যে, চৰকাৰে এইটো নিশ্চিত কৰা নাই যে কোনটো টেলিকম অপাৰেটৰে বাণিজ্যিকভাৱে 5G সেৱা আৰম্ভ কৰিব। জিঅ' (Jio), এয়াৰটেল (Airtel) আৰু Vi (Vodafone Idea)ৰ দৰে তিনিওটা আগশাৰীৰ টেলিকম অপাৰেটৰে ইতিমধ্যে এই চহৰসমূহত পৰীক্ষণ ছাইট স্থাপন কৰিছে।
উল্লেখ্য ২০১৮ চনৰে পৰা দেশৰ ৮টা প্ৰতিষ্ঠানৰ সৈতে লগ লাগি 5G সেৱাৰ পৰীক্ষা আৰম্ভ কৰিছিল আৰু এই পৰীক্ষাৰ সময় ৩১ ডিচেম্বৰত শেষ হ'ব। দূৰসংযোগ বিভাগে 5G স্পেক্ট্ৰামৰ নিলামক লৈ ছেপ্টেম্বৰ মাহতে ইয়াৰ পৰামৰ্শ বিচাৰি TRAIলৈ ৰিপোৰ্ট প্ৰেৰণ কৰিছিল।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assamese
উল্লেখ্য যে ভাৰতৰ বজাৰত ইতিমধ্যে সকলো আগশাৰীৰ মোবাইল কোম্পানীৰ 5G ফোন উপলব্ধ হৈছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|