দেশৰ ক্ৰিকেটৰ নতুন তাৰকা য়ছ বিজয় ধুলে ( Yash Vijoy Dhull)। ১৯ বছৰৰ অনুৰ্ধ্বৰ বিশ্বকাপ জয়ী ভাৰতীয় দলৰ হিৰো য়ছ বিজয় ধুলে গুৱাহাটীত শতৰানৰ ৰাজকীয় ইনিংছ খেলে।
দিল্লীৰ হৈ শক্তিশালী তামিলনাডুৰ বিৰুদ্ধে ৰঞ্জী ট্ৰফীৰ অভিষেক মেচতে গুৱাহাটীৰ বর্ষাপাৰাত শতৰান অৰ্জন কৰে য়ছ বিজয় ধুলে ( Yash Vijoy Dhull)। গুৱাহাটীত বৃহস্পতিবাৰৰ দিনটোত দিল্লীৰ হৈ চমক সৃষ্টি কৰে যুৱ ক্ৰিকেটাৰ য়ছ বিজয় ধুলে।
দেশৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট ৰঞ্জী ট্ৰফীৰ অভিষেক মেটছত তামিলনাডুৰ বিৰুদ্ধে ১১৩ ৰান সংগ্ৰহ কৰে ধুলে। সদ্য ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত ১৯ বছৰৰ অনুৰ্ধ্বৰ বিশ্বকাপ ক্ৰিকেটৰ চেম্পিয়ন ভাৰতীয় দলৰ হিৰো য়ছ বিজয় ধুলে গুৱাহাটীত শতৰানৰ ৰাজকীয় ইনিংছ খেলে।
টছত পৰাস্ত হৈ প্ৰথমে বেটিং কৰি দিল্লী দলৰ অপেনাৰ ধুলে ৰঞ্জী ট্ৰফী কেৰিয়াৰৰ প্ৰথমখন খেলত ১৫০ টা বলত ১৮ টা বাউণ্ডেৰীসহ মুঠ ১১৩ ৰান সংগ্ৰহ কৰে। শেহতীয়া ১৯ বছৰৰ অনুৰ্ধ্বৰ বিশ্বকাপ ক্ৰিকেটত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৮২ ৰান আৰু ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১১০ ৰান সংগ্ৰহ কৰিছিল।
মুঠৰ ওপৰত সন্মুখৰ পৰা নেতৃত্ব দি ভাৰতীয় দলক চেম্পিয়ন কৰাইছিল য়ছ ধুলে। সেইগৰাকী যুৱ তাৰকা ক্ৰিকেটাৰে গুৱাহাটীত দেওখুৱা সুন্দৰ ইনিংছত সকলো মুগ্ধ হৈ পৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|