• Home
  • »
  • News
  • »
  • sports
  • »
  • বিশ্ব চেম্পিয়ন শ্বুটাৰ হৃদয় হাজৰিকাৰ লক্ষ্য পেৰিছ অলিম্পিকৰ স্বৰ্ণপদক

বিশ্ব চেম্পিয়ন শ্বুটাৰ হৃদয় হাজৰিকাৰ লক্ষ্য পেৰিছ অলিম্পিকৰ স্বৰ্ণপদক

এছিয়ান গেমছত সফলতা প্ৰপ্তিৰ বাবে দুয়োবেলা কঠোৰ প্ৰস্তুতি চলাই আছে হাজৰিকাই।

এছিয়ান গেমছত সফলতা প্ৰপ্তিৰ বাবে দুয়োবেলা কঠোৰ প্ৰস্তুতি চলাই আছে হাজৰিকাই।

এছিয়ান গেমছত সফলতা প্ৰপ্তিৰ বাবে দুয়োবেলা কঠোৰ প্ৰস্তুতি চলাই আছে হাজৰিকাই।

  • Share this:

অসমৰ সফল আন্তঃৰাষ্ট্ৰীয় শ্বুটাৰ হৃদয় হাজৰিকা। মাত্ৰ দহ বছৰ বয়সতে হাতত ৰাইফল তুলি লোৱা হৃদয়ে জুনিয়ৰত বিশ্ব চেম্পিয়নৰ সন্মান লাভ কৰিছে। তাৰকা শ্বুটাৰ হৃদয়ৰ লক্ষ্য এতিয়া পেৰিছ অলিম্পিক গেমছৰ স্বৰ্ণপদক।


বিশ্ব চেম্পিয়ন শ্বুটাৰ হৃদয় হাজৰিকা। ২০১৮ চনত ISSF বিশ্ব শ্বুটিঙত স্বৰ্ণপদক লাভ কৰে আন্তঃৰাষ্ট্ৰীয় শ্বুটাৰগৰাকীয়ে। ১০ মিটাৰ এয়াৰ ৰাইফল ইভেন্টত বিশ্বজয়ী শ্বুটাৰ উত্তৰ অসমৰ নাৰায়ণপুৰৰ সুযোগ্য সন্তান হৃদয় হাজৰিকা।


মাত্ৰ দহ বছৰ বয়সতে হাতত এগৰাকী শ্বুটাৰ ৰূপে ৰাইফল আৰু পিষ্টল তুলি লোৱা হৃদয় হাজৰিকা আজি দেশৰ সম্পদ তথা জাতিটোৰ গৌৰৱ। আগন্তুক প্ৰতিযোগিতা বিশেষকৈ এছিয়ান গেমছৰ সফলতাৰ বাবেই এতিয়া দুয়োবেলা কঠোৰ প্ৰস্তুতি চলাই আছে সফল শ্বুটাৰগৰাকীয়ে। হৃদয়ে ইতিমধ্যে মুম্বাইলৈ গৈ সলনি কৰিলে তেওঁৰ খেলৰ সা–সঁজুলিও।


ক'ভিডৰ লকডাউনৰ সময়ত নাৰায়ণপুৰৰ ঘৰতে পিতৃয়ে নিৰ্মাণ কৰি দিয়া ৰেঞ্জ আৰু জিমত অনুশীলন চলাইছিল হৃদয় হাজৰিকাই। আঘাতৰ বাবে টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হোৱা হৃদয়ে এতিয়া সপোন দেখিছে পেৰিছ অলিম্পিক গেমছৰ স্বৰ্ণপদকৰ। খেলুৱৈক লৈ কুটিল ৰাজনীতি কৰাসকল আজি গভীৰ নিদ্ৰাত। তেওঁলোকৰ আজি সময় নাই হৃদয়হঁতৰ খেলৰ খবৰ ল'বলৈ। সেয়ে ব্যক্তিগতভাৱে আৰু অসম ৰাইফল শ্বুটিং সন্থাৰ সাঃ সম্পাদক ভৱ কলিতাৰ সহায়েৰে হৃদয়ে আগবাঢ়ি গৈছে তেওঁৰ সপোনৰ দিশে।

Published by:Gautam Barman
First published: