সপ্তমবাৰৰ বাবে মহিলা ক্ৰিকেট বিশ্বকাপৰ খিতাপ অৰ্জন কৰে অষ্ট্ৰেলিয়াই। অষ্ট্ৰেলিয়াই ক্ৰিষ্টচাৰ্চৰ হেগলি ওভালত (Hagley Oval) অনুষ্ঠিত ফাইনেলত ইংলেণ্ডক ৭১ ৰানত পৰাস্ত কৰি সপ্তমবাৰৰ বাবে মহিলা ক্ৰিকেট বিশ্বকাপৰ খিতাপ অৰ্জন কৰে। অভিজ্ঞ উইকেটকীপাৰ বেটছমেন এলিছা হিলিৰ এক সুন্দৰ শতকৰ পিছত অষ্ট্ৰেলিয়াই নিৰ্ধাৰণ কৰা ৩৫৭ ৰানৰ বিশাল লক্ষ্যৰ সন্মুখত সমগ্ৰ ইংলেণ্ড দলটো ২৮৫ ৰানত আউট হয় (Womens World Cup 2022)।
ইংলেণ্ডৰ নাটালি চাইভাই অপৰাজিত ১৪৮ ৰানৰ বিশাল ইনিংছটো খেলিছিল যদিও জয়লাভৰ পৰা বঞ্চিত হয় ইংলেণ্ড। অষ্ট্ৰেলিয়াৰ হৈ জেছ জোনাছেন আৰু আলানা কিঙে ৩টাকৈ উইকেট দখল কৰে। অষ্ট্ৰেলিয়াই ইংলেণ্ডৰ বিৰুদ্ধে ৫ উইকেটত ৩৫৬ ৰানৰ বিশাল স্ক'ৰ সংগ্ৰহ কৰে। কিন্তু ইংলিছ দলটোৱে সম্পূৰ্ণ ৫০ অভাৰ খেলিব নোৱাৰি ২৮৫ ৰানতে অল আউট হয়।
ইংলেণ্ডৰ (England) আৰম্ভণি ভাল নাছিল আৰু নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱাইছিল। যদিও আনটো ফালে নাটালী দৃঢ়তাৰে থিয় হৈছিল, কিন্তু আনটো মূৰৰ পৰা তেওঁক সমৰ্থন দিব নোৱাৰিলে কোনো এগৰাকীয়েও। নাটালীয়ে ১২১টা বলত ১৫ টা চাৰি আৰু এটা ছয় মাৰিছিল। অপেনাৰ টেমি বিউমন্ট ২৭ ৰানত আউট হয়, আনহাতে অধিনায়ক হিথাৰ নাইটে ২৬ ৰানৰ অৱদান আগবঢ়ায়। ছফি ডাঙ্কলী ২২ ৰানত আৰু এমি জোনছ ২০ ৰানত আউট হৈছিল। ইংলেণ্ড ৪৩.৪ অভাৰতে অল আউট হয়।
ইংলেণ্ডৰ অধিনায়ক হিথাৰ নাইটে টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। কিন্তু আৰম্ভণিৰ পৰাই ব্ৰিটিছ বলিং ব্ৰিগেডে অষ্ট্ৰেলিয়াৰ অপেনাৰ যুটিৰ উৎকৃষ্ট বেটিঙৰ সন্মুখত অতি অপ্ৰতিৰোধ্য দেখা গৈছিল। ইনিংছৰ ৩০সংখ্যক অভাৰত অষ্ট্ৰেলিয়াই তেওঁলোকৰ প্ৰথম উইকেট হেৰুৱাইছিল। হেইন্সৰ ৬৮ ৰান, বেথ মুনিৰ ৬২ আৰু এলিছা হিলিৰ ১৭০ ৰানৰ বিশাল ইনিংছৰ বিনিময়ত ৩৫৬ ৰান কৰে।
এলিছা হিলিৰ ৰেকৰ্ডঅষ্ট্ৰেলিয়াৰ হিলিয়ে (Alyssa Healy) পুৰুষ আৰু মহিলা বিশ্বকাপৰ ফাইনেলত সৰ্বাধিক ব্যক্তিগত স্ক'ৰৰ বাবে এটা নতুন অভিলেখ গঢ়ে। তেওঁ ১৭০ ৰানৰ ব্যক্তিগত স্ক'ৰৰ জৰিয়তে এই ৰেকৰ্ড গঢ়ে। বিশ্বকাপত পুৰুষৰ ব্যক্তিগত স্ক'ৰত এডাম গিলক্ৰিষ্ট (১৪৯, বিশ্বকাপ ২০০৭), ৰিকি পন্টিং (১৪০, বিশ্বকাপ ২০০৩) আৰু ভিভ ৰিচাৰ্ডছ (১৩৮, বিশ্বকাপ ১৯৭৯) শীৰ্ষত আছে।
আনহাতে মহিলা বিশ্বকাপৰ ফাইনেলত সৰ্বাধিক স্ক'ৰৰ অভিলেখ গঢ়ে এই দলটোৱে। পুৰুষ আৰু মহিলা বিশ্বকাপৰ ফাইনেলত এইটো দ্বিতীয় ডাঙৰ স্ক'ৰ। ২০০৩ চনৰ বিশ্বকাপৰ ফাইনেলত ভাৰতৰ বিৰুদ্ধে দুটা উইকেট হেৰুৱাই অষ্ট্ৰেলিয়াৰ পুৰুষ দলে ৩৫৯ ৰান সংগ্ৰহ কৰিছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|