লাভলীনাই (৭০কেজি) চীনা টাইপেৰ বক্সাৰক ৩–২ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। নিয়েন চিনে ২০১৮ত বিশ্ব চেম্পিয়নশ্বীপৰ ছেমি ফাইনেলত লাভলীনাক পৰাস্ত কৰিছিল।
লাভলীনাই (৭০কেজি) চীনা টাইপেৰ বক্সাৰক ৩–২ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। নিয়েন চিনে ২০১৮ত বিশ্ব চেম্পিয়নশ্বীপৰ ছেমি ফাইনেলত লাভলীনাক পৰাস্ত কৰিছিল।
টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজেতা বক্সাৰ লাভলীনা বৰগোহাঁয়ে মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বীপত চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াইছে। লাভলীনাই লাইট মিডিলৱেট শাখাত প্ৰাক্তন চেম্পিয়ন চেন নিয়েন চিনক পৰাস্ত কৰি ইস্তানবুলত চলি থকা চেম্পিয়নশ্বীপৰ ৰাউণ্ড অব ১৬ত প্ৰৱেশ কৰিছে। টকিঅ’ অলিম্পিকৰ পিছত প্ৰথমবাৰ টুৰ্ণামেণ্টত অংশ লৈছে লাভলীনাই।
লাভলীনাই (৭০কেজি) চীনা টাইপেৰ বক্সাৰক ৩–২ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। নিয়েন চিনে ২০১৮ত বিশ্ব চেম্পিয়নশ্বীপৰ ছেমি ফাইনেলত লাভলীনাক পৰাস্ত কৰিছিল।
লাভলীনাৰ নিয়েন চেনৰ বিৰুদ্ধে এয়া দ্বিতীয় বিজয়। টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক জিকা লাভলীনাই কোৱাৰ্টাৰ ফাইনেলত নিয়েন চেনক পৰাস্ত কৰিছিল।
লাভলীনাৰ লক্ষ্য এইবাৰ পদকৰ ৰং সলনি কৰা। বিশ্ব চেম্পিয়নশ্বীপত ২০১৮ আৰু ২০১৯ত দুটা ব্ৰঞ্জৰ পদক দখল কৰিছিল। অসম কন্যা লাভলীনা পৰৱৰ্তী খেলত মুখামুখি হ’ব ইংলেণ্ডৰ ৩ বাৰৰ ৰাষ্ট্ৰীয় চেম্পিয়ন চিণ্ডি এনগাম্বাৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|