ভাৰতৰ মহিলা ক্ৰিকেট দলে সমগ্ৰ বিশ্বৰ আগত সুনাম অৰ্জন কৰি দেশৰ বাবে সময়ে সময়ে গৌৰৱ কঢ়িয়াই আনিছে। মহিলা ক্ৰিকেট দলৰ স্পৃহা, কষ্টৰ সুফল হিচাপে দেশত প্ৰথমবাৰৰ বাবে মহিলা আইপিএলৰ প্ৰথম সংস্কৰণ অনুষ্ঠিত হ'ব। আগন্তুক বৰ্ষৰ মাৰ্চ মাহত অনুষ্ঠিত হ’বলগা মহিলা আইপিএল প্ৰতিযোগিতাখনক ইয়াৰ উদ্বোধনী ছিজনত এক বৃহৎ সফলতা প্ৰদান কৰিবলৈ বিচিচিআইয়ে সকলো ধৰণৰ চেষ্টা কৰিছে। এক সূত্ৰই নিশ্চিত কৰিছে যে ভাৰতীয় ক্ৰিকেট বোৰ্ডে পাঁচটা দলৰ বাবে নিবিদা প্ৰস্তুত কৰিব আৰু প্ৰতিটো ফ্ৰেঞ্চাইজিৰ আধাৰ মূল্য ৪০০ কোটি টকা ৰখা হৈছে। ক্ৰিকেট বোৰ্ডে শীঘ্ৰেই দলসমূহৰ ই-নিলাম (অনলাইন নিলাম)ৰ বাবে এখন নথি মুকলি কৰিব। সকলো বিদ্যমান আইপিএল ফ্ৰেঞ্চাইজিয়েও ই-নিলামত অংশগ্ৰহণ কৰিব পাৰিব।
এই বহু প্ৰতীক্ষিত মহিলা আইপিএল প্ৰতিযোগিতাখনে এক বৃহৎ সফলতা লাভ কৰিব বুলি আশা কৰা হৈছে। বিগত ১৮ অক্টোবৰত মুম্বাইত বিচিচিআইৰ ৯১তম বাৰ্ষিক সাধাৰণ সভাত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে (বিচিচিআই) মহিলা আইপিএলৰ বিষয়ে বিতংভাৱে আলোচনা কৰিছিল। বোৰ্ডে প্ৰকাশ কৰা এক আনুষ্ঠানিক প্ৰেছ বিজ্ঞপ্তিত প্ৰতিযোগিতাখন সঁচাকৈয়ে অনুষ্ঠিত হ'ব বুলি নিশ্চিত কৰা হৈছিল। বিজ্ঞপ্তিটোত লগতে কোৱা হৈছে যে, ‘‘বোৰ্ডে মহিলা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ কাৰ্যকলাপত অনুমোদন জনাইছে।’’
এই টুৰ্নামেন্টত ২০খন লীগ খেল অনুষ্ঠিত হ'ব আৰু দলবোৰে দুবাৰকৈ পৰস্পৰৰ সৈতে খেলিব। উল্লেখ্য যে, তালিকাৰ শীৰ্ষস্থানপ্ৰাপ্তই ফাইনেলত পোনপটীয়াকৈ প্ৰৱেশ লাভ কৰিব। আনহাতে এলিমিনেটৰত দ্বিতীয় আৰু তৃতীয় স্থানত থকা দলবোৰৰ মাজত প্ৰতিদ্বন্দিতা হ’ব। প্ৰতিটো দলতে তেওঁলোকৰ প্লেয়িং ইলেভেনত পাঁচজনতকৈ অধিক বিদেশী ক্ৰিকেটাৰ থাকিব নোৱাৰে বুলিও নিৰ্দেশ দিয়া হৈছে।
বিচিচিআই–এ কয় যে, ‘‘ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় খেলুৱৈসকলৰ ভাৰসাম্য বজাই ৰাখিবলৈ আৰু প্ৰতিযোগিতামূলক দলৰ বাবে, মহিলা আইপিএলৰ (ডব্লিউআইপিএল) বাবে পাঁচটা দলৰ অস্থায়ীৰূপে সিদ্ধান্ত লোৱা হৈছে। প্ৰতিটো দলতে সৰ্বাধিক ১৮ জন খেলুৱৈ থাকিব পাৰে, য'ত কোনো দলতে ছয়জনতকৈ অধিক বিদেশী খেলুৱৈ থাকিব নোৱাৰিব।’’
উল্লেখনীয় যে, ২০২০ চনৰ টি-২০ বিশ্বকাপত ভাৰতীয় মহিলা দলটোৱে ৰানাৰ্ছআপ হোৱাৰ লগে লগে ভাৰতত খেলৰ বিকাশৰ লগতে মহিলাসকলৰ বাবে আইপিএল সদৃশ লীগৰ চাহিদাই গতি লাভ কৰে। মহিলা বিগ বেছ লীগ ২০১৬ চনৰ পৰা অষ্ট্ৰেলিয়াত অনুষ্ঠিত হৈ আহিছে, আনহাতে বিগত বৰ্ষত ইউকেত হাণ্ড্ৰেড খেলো আৰম্ভ কৰা হৈছিল। পাকিস্তানেও অহা বছৰৰ বাবে মহিলা লীগ ঘোষণা কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|