মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »Women's Asia Cup 2022: ভাৰতৰ একপক্ষীয় আধিপত্য, প্ৰতিবাৰৰ ফাইনেলিষ্ট, জানক সকলো বিৱৰণ

Women's Asia Cup 2022: ভাৰতৰ একপক্ষীয় আধিপত্য, প্ৰতিবাৰৰ ফাইনেলিষ্ট, জানক সকলো বিৱৰণ

১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব লগা এই ১৫ দিনীয়া টুৰ্নামেণ্টত সৰ্বমুঠ সাতটা দলে অংশগ্ৰহণ কৰিব।

১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব লগা এই ১৫ দিনীয়া টুৰ্নামেণ্টত সৰ্বমুঠ সাতটা দলে অংশগ্ৰহণ কৰিব।

১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব লগা এই ১৫ দিনীয়া টুৰ্নামেণ্টত সৰ্বমুঠ সাতটা দলে অংশগ্ৰহণ কৰিব।

  • Share this:
বাংলাদেশৰ চিলেটত আগন্তুক অক্টোবৰত মাহত অনুষ্ঠিত হ'ব এছিয়া কাপ মহিলা টি–২০। এই প্ৰতিযোগিতাখনত ভাৰতীয় মহিলা ক্ৰিকেট দলে চিৰ প্ৰতিদ্বন্দী পাকিস্তানৰ বিৰুদ্ধে ৭ অক্টোবৰ তাৰিখে খেলিব। ১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব লগা এই ১৫ দিনীয়া টুৰ্নামেণ্টত সৰ্বমুঠ সাতটা দলে অংশগ্ৰহণ কৰিব। টুৰ্নামেণ্ট ৰাউণ্ড ৰবীন আধাৰত খেলা হ’ব য’ত শীৰ্ষ চাৰিটা দলে চেমিফাইনেলত যোগ্যতা অৰ্জন কৰিব।

এই খেলখনত ভাগ লোৱা দলসমূহৰ ভিতৰত আছে ভাৰত, পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা, সংযুক্ত আৰব আমিৰেট (UAE), থাইলেণ্ড আৰু মালেছিয়া। উল্লেখ্য যে, আফগানিস্তান দেশখন তালিবানৰ অধীনত অহাৰ পাছত বৰ্তমান দেশখনৰ কোনো মহিলা ক্ৰিকেট দল নাই। প্ৰতিযোগিতাখনত ভাৰতীয় দলে শ্ৰীলংকাৰ বিৰুদ্ধে খেলি নিজৰ অভিযান আৰম্ভ কৰিব। ইয়াৰ পাছতেই ভাৰতীয় দলটোৱে ৩ অক্টোবৰত মালয়েছিয়া আৰু ৪ অক্টোবৰত ইউএইৰ সৈতে মুখামুখি হ'ব। একেৰাহে দুদিন খেলি দলটোৱে ৭ অক্টোবৰত পাকিস্তানৰ মুখামুখি হ'ব।

ভাৰত ৰাউণ্ড ৰবীন মেছত ৮ অক্টোবৰত বাংলাদেশ আৰু ১০ অক্টোবৰত থাইলেণ্ডৰ বিৰুদ্ধে খেলিব। এই টুৰ্নামেণ্টৰ ফাইনেল খেলখন ১৫ অক্টোবৰত অনুষ্ঠিত হ’ব।

মন কৰিবলগীয়া যে, প্ৰথম মহিলা এছিয়া কাপ প্ৰতিযোগিতা ২০০৪ চনত শ্ৰীলংকাত আয়োজন কৰা হৈছিল। এই টুৰ্নামেণ্টত ভাৰতীয় টীমে সুন্দৰ ৰেকৰ্ড কৰে আৰু আৰম্ভণিৰে পৰা বৰ্তমানলৈ ভাৰতৰ দলে প্ৰতিবাৰে ফাইনেলত উপনীত হ’বলৈ সক্ষম হৈছে। বৰ্তমানলৈকে ভাৰতে ৬ বাৰ এই খিতাপ জয় কৰিছি। ২০১৮ চনত শেহতীয়াকৈ খেলা সংস্কৰণৰ বাহিৰে ভাৰত প্ৰতিবাৰে এছিয়া কাপত বিজয়ী হৈছে।

বৰ্তমানলৈকে মহিলা এছিয়া কাপ বিজয়ী-

২০০৪– ভাৰত বিজয়ী, আয়োজক শ্ৰীলংকা

২০০৫– ভাৰত বিজয়ী, আয়োজক পাকিস্তান

২০০৬– ভাৰত বিজয়ী, আয়োজক ভাৰত

২০০৮– ভাৰত বিজয়ী, আয়োজক শ্ৰীলংকা

২০১২– ভাৰত বিজয়ী, আয়োজক চীন

২০১৬– ভাৰত বিজয়ী, আয়োজক থাইলেণ্ড

২০১৮– বাংলাদেশ বিজয়ী, আয়োজক মালয়েছিয়া (ভাৰত ৰানাৰ্ছ-আপ)

এছিয়া কাপ টি-২০, ২০২২ৰ ভাৰতীয় দল-

হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধানা (উপ-অধিনায়ক), দীপ্তি শৰ্মা, শেফালী বাৰ্মা, জেমিমা ৰড্ৰিগছ, এছ মেঘনা, ৰিচা ঘোষ (উইকেটকীপাৰ), স্নেহ ৰাণা, দয়ালন হেমলতা, মেঘনা সিং, ৰেণুকা ঠাকুৰ, পূজা বস্ত্ৰকাৰ, ৰাজেশ্বৰী গায়কৱাড়, ৰাধা যাদৱ, কেপি নাভগিৰ।

ৰিজাৰ্ভ খেলুৱৈ– তানিয়া ভাতিয়া আৰু চিমৰন দিল বাহাদুৰ

শেহতীয়া বাতৰি