• Home
  • »
  • News
  • »
  • sports
  • »
  • 'হালধীয়া জাৰ্চি পিন্ধি মই যেন খেলপথাৰলৈ সোমাই যাম'-IPLৰ প্ৰাক মেছ শ্বত আৱেগিক হৈ পৰিল সুৰেশ ৰাইনা

'হালধীয়া জাৰ্চি পিন্ধি মই যেন খেলপথাৰলৈ সোমাই যাম'-IPLৰ প্ৰাক মেছ শ্বত আৱেগিক হৈ পৰিল সুৰেশ ৰাইনা

এইবাৰ আইপিএলত নাই টি-২০ বিশেষজ্ঞ বুলি জনাজাত সুৰেশ ৰাইনা। ৰাইনাৰ অনুপস্থিতি বাৰুকৈয়ে অনুভৱ কৰিছে ক্ৰিকেটপ্ৰেমীসকলে।

এইবাৰ আইপিএলত নাই টি-২০ বিশেষজ্ঞ বুলি জনাজাত সুৰেশ ৰাইনা। ৰাইনাৰ অনুপস্থিতি বাৰুকৈয়ে অনুভৱ কৰিছে ক্ৰিকেটপ্ৰেমীসকলে।

এইবাৰ আইপিএলত নাই টি-২০ বিশেষজ্ঞ বুলি জনাজাত সুৰেশ ৰাইনা। ৰাইনাৰ অনুপস্থিতি বাৰুকৈয়ে অনুভৱ কৰিছে ক্ৰিকেটপ্ৰেমীসকলে।

  • Share this:
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ চলিত ছিজনত চেন্নাই চুপাৰ কিংছে তেওঁলোকৰ ছেট আপত যথেষ্ট পৰিৱৰ্তন আনিছে। প্ৰতিযোগিতা আৰম্ভ হোৱাৰ মাত্ৰ দুদিন আগতে, এম এছ ধোনীয়ে অধিনায়কত্বৰ পৰা আঁতৰি আহি তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাক দায়িত্বভাৰ অৰ্পণ কৰিছে।

অর্থাৎ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মহেন্দ্ৰ সিং ধোনীক অধিনায়ক হিচাপে দেখা নাযাব এইবাৰ। ইফাল  ২০০৮ চনৰ চিজনৰ পিছত ২০২২ বৰ্ষত প্ৰথমবাৰলৈ ৰাইনা নাই এইবাৰ চেন্নাই চুপাৰ কিংছৰ চাইটত।

বাওঁহাতীয়া বেটচমেন ৰাইনা চিএছকেৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী আছিল। আনকি দলটোৱে জয়লাভ কৰা আইপিএলৰ প্ৰতিটো ছিজনতে ৰাইনাৰ আছিল অনবৈদ্য অৱদান। পিছে এইবাৰ আইপিএলত নাই টি-২০ বিশেষজ্ঞ বুলি জনাজাত সুৰেশ ৰাইনা। ৰাইনাৰ অনুপস্থিতি বাৰুকৈয়ে অনুভৱ কৰিছে ক্ৰিকেটপ্ৰেমীসকলে।

শনিবাৰৰ পৰা আৰম্ভ হৈছে আইপিএলৰ চলিত ছিজন। প্ৰথমখন মেচত কলকাতা নাইট ৰাইডৰ্ছৰ হাতত পৰাস্ত হৈছে চেন্নাই চুপাৰ কিংছ। পৰাস্ত হ'লেও খেলখনত জ্বিলিকি উঠে মহেন্দ্ৰ সিং ধোনী। কলকাতা আৰু চেন্নাইৰ মাজত অনুষ্ঠিত মেছখনত ষ্টাৰ স্পৰ্টছৰ প্ৰাক-মেচ শ্ব'ত বিশেষজ্ঞ হিচাপে অংশ লৈছিল সুৰেশ ৰাইনাই। অনুষ্ঠানৰ মাজতে আৱেগিক হৈ পৰা দেখা যায় তাৰকা ক্ৰিকেটাৰগৰাকীক।

চিএছকে আৰু কেকেআৰৰ মাজত অনুষ্ঠিত মেচখনৰ পূৰ্বে  ৰাইনাই কয় যে,'আমি যিখন হোটেলত আছো, তাৰ ওচৰতেই খেল অনুষ্ঠিত হৈছে। এনে লাগিছে যেন হালধীয়া জাৰ্চি পিন্ধি মই খেলপথাৰলৈ গুচি যাম।'-ৰাইনাৰ এই মন্তব্য শুনি আৱেগিক হৈ পৰিছে তেওঁৰ অনুৰাগীসকল। আনকি এই ভিডিও ক্লীপ এতিয়া ছচিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে।
Published by:Himangshu Bhuyan
First published: