টীম ইণ্ডিয়াৰ নতুন তাৰকাৰ ৰূপত আত্মপ্ৰকাশ ঘটিছে বেটছমেন সূৰ্যকুমাৰ যাদৱ (Suryakumar Yadav)ৰ। চলিত বৰ্ষত এতিয়ালৈ T20Iৰ সৰ্বাধিক ৰাণ কৰা ক্ৰিকেটাৰৰ অভিলেখ গঢ়াৰ লগতে সূৰ্যকুমাৰ যাদৱ সাজু হৈছে শিখৰ ধাৱন (Sikhar Dhawan)ৰ অভিলেখ ভংগ কৰি নতুন অভিলেখ গঢ়িবলৈ। টীম ইণ্ডিয়াৰ হৈ এটা কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক ৰানৰ শিখৰ ধাৱনৰ অভিলেখ ভংগ কৰিবলৈ সাজু হৈছে সূৰ্যকুমাৰ যাদৱ।
বুধবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথম টি-২০ খেলতে টীম ইণ্ডিয়াৰ হৈ এটা কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক ৰানৰ নতুন অভিলেখ গঢ়াৰ বাবে সাজু হৈছে সূৰ্যকুমাৰ যাদৱ। এই অভিলেখ সূৰ্যকুমাৰক আৰু ৮ মাত্ৰ ৰানৰ প্ৰয়োজন। ইতিমধ্যে সূৰ্যকুমাৰে ২০খন মেচত ৬৮২ ৰান সংগ্ৰহ কৰিছে।
যদি সূৰ্য্যই ৮ ৰান কৰিবলৈ সক্ষম হয় তেন্তে তেওঁ শিখৰ ধাৱনৰ অভিলেখ ভংগ কৰিব। ২০১৮ চনত ৬৮৯ ৰান কৰি শিখৰ ধাৱনে এই অভিলেখ গঢ়িছিল। সূৰ্যকুমাৰ যাদৱৰ বাবে এই লক্ষ্য অতি উজু হৈ আছে। ইমানেই নহয়, যদি ফৰ্মত থকাৰ দৰেই আগন্তুক খেলসমূহতো ৰাণ কৰিব পাৰে তেন্তে সূৰ্যকুমাৰ যাদৱে এই বৰ্ষত ১০০০ টি-২০ ৰান কৰিবলৈ সক্ষম হ'ব পাৰে। কাৰণ চলিত বছৰত সূৰ্যকুমাৰ যাদৱৰ হাতত অতি কমেও ১১খন মেচ আছে।
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অন্তিমখন মেচ তেওঁ ২০১৬ চনত বিৰাট কোহলীৰ ৬৪১ ৰানৰ টেলি অতিক্ৰম কৰিছিল। শিখৰ আৰু বিৰাটৰ তুলনাত সূৰ্যকুমাৰে যি উৎকৃষ্ট প্ৰদৰ্শন কৰিছে তালৈ চাই ১০০০ ৰান অসম্ভৱ নহয়। ২০২২ চনত এতিয়ালৈ এটা শতক আৰু চাৰিটা অৰ্ধশতক কৰিছে সূৰ্যকুমাৰ যাদৱে।
উল্লেখ্য যে এই তালিকাত বহুবাৰ স্থান পাইছে বিৰাটে। ২০১২, ২০১৪, ২০১৬, ২০১৭, আৰু ২০১৯ চনত ভাৰতৰ আগশাৰীৰ ৰান স্ক’ৰাৰ হিচাপে পৰিগণিত হৈছে বিৰাট। ২০১৫ আৰু ২০২১ চনতো ৰোহিত শৰ্মাই দুবাৰকৈ এই তালিকাত স্থান লাভ কৰাৰ বিপৰীতে ২০২০ চনত কে এল ৰাহুলে ভাৰতৰ সৰ্বাধিক ৰাণ স্ক’ৰাৰ হিচাপে পৰিগণিত হৈছে। এইবাৰ সূৰ্যকুমাৰ যাদৱে যদি ১০০০ ৰান কৰিব পাৰে তেন্তে ই হ'ব টীম ইণ্ডিয়াৰ নতুন কীৰ্তিমান।
Published by: Manjumoni Borah
FIRST PUBLISHED : September 28, 2022, 02:10 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|