কেতিয়া জাতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটিব ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ? সেই লৈ আৰম্ভ হৈছে ব্যাপক জল্পনা–কল্পনা। কিন্তু ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি মহেন্দ্ৰ সিং ধোনীৰ পৰিৱৰ্তে নিৰ্বাচন কমিটিয়ে নতুন খেলুৱৈক অধিক সুবিধা দিয়াৰ পোষকতা কৰিছে। অহা ২৪ অক্টোবৰত ভাৰত আৰু বাংলাদেশৰ মাজত হ’বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা কৰা হ’ব। তাৰ আগমুহূৰ্তত অৰ্থাৎ ২৩ অক্টোবৰত বিচিচিআইৰ অধ্যক্ষৰ দায়িত্ব ল’ব সৌৰভ গাংগুলীয়ে। তেনে সময়তে এতিয়া আকৌ চৰ্চালৈ আহিছে মহেন্দ্ৰ সিং ধোনীৰ জাতীয় দলৰ স্থান লাভৰ প্ৰসংগ। এতিয়া সৌৰভ গাংগুলীৰ সিদ্ধান্তৰ ওপৰতে ধোনীৰ প্ৰত্যাৱৰ্তন বহু খিনি নিৰ্ভৰ কৰিছে।
কিন্তু বিচিচিআইৰ ভিতৰুৱা সুত্ৰৰ পৰা পোৱা খবৰ অনুসৰি দলত ধোনীক স্থান দিয়াৰ পৰিৱৰ্তে ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি বাংলাদেশৰ দৰে তুলনামূলক ভাবে দুৰ্বল দলৰ বিৰুদ্ধে নতুন খেলুৱৈক অধিক সুবিধা দিয়াৰ পোষকতা কৰিছে নিৰ্বাচন কমিটিয়ে।
খবৰ অনুসৰি বাংলাদেশৰ বিৰুদ্ধে হ’বলগীয়া টি২০ মেচত মহেন্দ্ৰ সিং ধোনীক দিয়া নহয় দলত স্থান। কাৰণ অষ্ট্ৰেলিয়াত হ’বলগীয়া ৱৰ্ল্ড টি–২০ বিশ্বকাপৰ বাবে এতিয়াৰ পৰা ভাৰতীয় দলে নতুন মুখৰ সন্ধান কৰিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|