
এই বিষয়ে মতামত দিয়াৰ পৰা বিৰত আছে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই!
এই বিষয়ে মতামত দিয়াৰ পৰা বিৰত আছে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই!
বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰত নিউজীলেণ্ডৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পিছৰ পৰাই এতিয়া ক্ৰমাৎ দূৰত্ব বৃদ্ধি পাইছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু নিৰ্ভৰযোগ্য বেটচমেন ৰোহিত শৰ্মাৰ মাজত! এতিয়ালৈকে এই বিষয়ে দুয়োগৰাকী খেলুৱৈয়ে এই বিষয়ে কৰা নাই কোনো ধৰণৰ মন্তব্য। কিন্তু ৰোহিত শৰ্মাই ছচিয়েল মিডিয়াত বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাক আন ফ’ল কৰাক লৈ এতিয়া বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে।
![]()
ভাৰতীয় দলৰ দুয়োগৰাকী নিৰ্ভৰযোগ্য খেলুৱৈৰ এনে সংঘাতে এতিয়া শলঠেকত পেলাইছে দলীয় মেনেজমেণ্টক! বিশ্বকাপৰ পিছৰ পৰাই এতিয়া সংঘাত আগতকৈ বৃদ্ধি পাইছে দুয়োৰে মাজত। কেইদিনমান পূৰ্বে ৰোহিতে নিজৰ ছচিয়েল মিডিয়া চাইটৰ পৰা বিৰাট কোহলীক আন ফ’ল কৰাৰ পিছত এইবাৰ বিৰাটৰ পত্নী তথা অভিনেত্ৰী অনুষ্কা শৰ্মাক আন ফ’ল কৰাত বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। ছচিয়েল মিডিয়াতো বিষয়টোকলৈ চলিছে বিশেষ চৰ্চা।
Published by:Dulu Medhi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|