জল্পনা-কল্পনা চলিছিল যে, বিৰাট কোহলীয়ে নিজৰ কেৰিয়াৰৰ ১০০তম টেষ্ট মেচ খেলিব তেওঁৰ দ্বিতীয় ঘৰ 'বেংগালুৰু'ত।
জল্পনা-কল্পনা চলিছিল যে, বিৰাট কোহলীয়ে নিজৰ কেৰিয়াৰৰ ১০০তম টেষ্ট মেচ খেলিব তেওঁৰ দ্বিতীয় ঘৰ 'বেংগালুৰু'ত।
মোহালিত কেৰিয়াৰৰ ১০০তম টেষ্ট খেলিব ভাৰতৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে। পঞ্জাৱ ক্ৰিকেট এছচিয়েশ্যনে এই মেচ আয়োজন কৰাটো এক প্ৰকাৰ নিশ্চিত হৈছে। জল্পনা-কল্পনা চলিছিল যে, বিৰাট কোহলীয়ে নিজৰ কেৰিয়াৰৰ ১০০তম টেষ্ট মেচ খেলিব তেওঁৰ দ্বিতীয় ঘৰ 'বেংগালুৰু'ত। কিন্তু সেই জল্পনা-কল্পনা সঁচা প্ৰমাণিত নহ'ল। চিন্নাস্বামী ষ্টেডিয়াম বিৰাট কোহলীৰ বাবে প্ৰায় ১৮ বছৰ ধৰি ঘৰুৱা গ্ৰাউণ্ডৰ দৰেই হৈ আছে। গতিকে এই জল্পনা-কল্পনা কৰিছিল ক্ৰিকেট অনুৰাগীয়ে।
পূৰ্ব ঘোষণা অনুসৰি, আসন্ন শ্ৰীলংকাৰ বিৰুদ্ধে চিৰিজ আৰম্ভ হোৱাৰ কথা আছিল টেষ্ট মেচৰ জৰিয়তে। কিন্তু শ্ৰীলংকাৰ বোৰ্ডৰ তৰফৰ পৰা বিচিচিআইক অনুৰোধ জনোৱা হয় টি-২০ৰে শৃংখলা আৰম্ভ কৰিবলৈ। আৰু সেই অনুৰোধ এতিয়া মানি লৈছে ভাৰতৰ ক্ৰিকেট বোৰ্ডে। চিৰিজত দুখন টেষ্ট আৰু তিনিখন টি২০ মেচ খেলিব দুয়োটা দলে। ফেব্ৰুৱাৰীৰ ২৪ তাৰিখে উত্তৰপ্ৰদেশত প্ৰথমখন টি২০ মেচ খেলিব ভাৰত আৰু শ্ৰীলংকাই। সেইদৰে ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত ধৰ্মশালাত অনুষ্ঠিত হ'ব দ্বিতীয় আৰু তৃতীয় টি-২০ মেচ।
৩-৭ মাৰ্চত মোহালিত খেলিব ভাৰত আৰু শ্ৰীলংকাই প্ৰথমখন টেষ্ট। আৰু কোনো সাল-সলনি নহ'লে, মোহালিতে কেৰিয়াৰৰ ১০০তম টেষ্টমেচ খেলিব বিৰাট কোহলীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|