உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • Virat Kohli : এদিনীয়া ক্ৰিকেটত দুৰ্দান্ত ৰেকৰ্ড, তাৰ পিছতো কিয় অধিনায়কৰ পদৰ পৰা আঁতৰোৱা হ’ল কোহলীক?

    Virat Kohli : এদিনীয়া ক্ৰিকেটত দুৰ্দান্ত ৰেকৰ্ড, তাৰ পিছতো কিয় অধিনায়কৰ পদৰ পৰা আঁতৰোৱা হ’ল কোহলীক?

    File Photo

    File Photo

    এদিনীয়া ক্ৰিকেটত অধিনায়ক হিচাপে কোহলীৰ বেটিং গড় ৭২.৬৫। দ্বিতীয় স্থানত থকা দক্ষিণ আফ্ৰিকাৰ এবি ডিভিলিয়াৰ্ছৰ গড় ৬৩.৯৪।

    • Share this:
    ভাৰতীয় এদিনীয়া দলৰ অধিনায়কৰ পদৰ পৰা অপসাৰিত হৈছে বিৰাট কোহলী (Virat Kohli)। বিৰাটক আঁতৰোৱাৰ সিদ্ধান্ত ব’ৰ্ডৰ। বিচিচিআইৰ সূত্ৰত প্ৰকাশ, অধিনায়কৰ পদ এৰাৰ বাবে কোহলীক ৪৮ ঘণ্টাৰ সময় দিয়া হৈছিল। তাৰ পিছতো দায়িত্ব এৰি নিদিয়াত আঁতৰোৱা হয় কোহলীক। এদিনীয়া ক্ৰিকেটৰ অধিনায়ক হিচাপে সফল বিৰাট। তাৰ পিছতে এইদৰে দায়িত্বৰ পৰা আঁতৰোৱা হ’ল তেওঁক (Why Rohit replaced Kohli as India’s ODI Captain)।

    এদিনীয়া ক্ৰিকেটত ৯৫খন মেচত দেশক নেতৃত্ব দি ৬৫খনত জয়, ২৭খনত পৰাজয়। অধিনায়ক বিৰাট কোহলীৰ জয়ৰ শতকৰা হাৰ ৭০.৪৩ শতাংশ। ভাৰতে এতিয়ালৈ যি দুগৰাকীৰ নেতৃত্বত বিশ্ব চেম্পিয়ন হৈছে, সেই কপিল দেৱ আৰু মহেন্দ্ৰ সিং ধোনীতকৈও জয়ৰ শতাংশৰ ক্ষেত্ৰত বহু আগত কোহলী। কিন্তু তাৰ পিছতো কিয় কোহলীক এৰি দিয়া হ’ল, তাক লৈ প্ৰশ্ন তুলিছে বহুতে। বিশেষজ্ঞসকলে অনুমান কৰিছে, হয়তো আইচিচি ট্ৰফী জয়ৰ ভাগ্য কোহলীৰ খুব বেয়া। যাৰ বাবেই টি২০ বিশ্বকাপৰ পিছত টি২০ আৰু এদিনীয়া সকলো ফৰ্মেটৰ অধিনায়কৰ পদৰ পৰা আঁতৰোৱা হ’ল কোহলীক।

    এদিনীয়া ক্ৰিকেটত অধিনায়ক হিচাপে কোহলীৰ বেটিং গড় ৭২.৬৫। দ্বিতীয় স্থানত থকা দক্ষিণ আফ্ৰিকাৰ এবি ডিভিলিয়াৰ্ছৰ গড় ৬৩.৯৪।

    অধিনায়ক হিচাপে এদিনীয়া ক্ৰিকেটত বিৰাট কোহলীৰ শতৰান ২১টা। এনেধৰণৰ অভিলেখ খুব কম ক্ৰিকেটাৰৰহে আছে। তাৰ পিছতো সময় এতিয়া খুব বেয়া চলিছে কোহলীৰ। টি২০ৰ লগতে এতিয়া এদিনীয়া ক্ৰিকেটতো অধিনায়ক পদত ৰোহিত শৰ্মা।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: