• Home
  • »
  • News
  • »
  • sports
  • »
  • বিৰাট কোহলীয়ে কাৰ সৈতে কাটিলে জন্মদিনৰ কে'ক, চাওক টীম ইণ্ডিয়াই কেনেকৈ পালন কৰিলে প্ৰাক্তন অধিনায়কৰ জন্মদিন

বিৰাট কোহলীয়ে কাৰ সৈতে কাটিলে জন্মদিনৰ কে'ক, চাওক টীম ইণ্ডিয়াই কেনেকৈ পালন কৰিলে প্ৰাক্তন অধিনায়কৰ জন্মদিন

জিম্বাবুৱেৰ বিৰুদ্ধে খেলৰ পূৰ্বে কেক কাটি জন্মদিন উদযাপন কৰে বিৰাট কোহলীয়ে।

জিম্বাবুৱেৰ বিৰুদ্ধে খেলৰ পূৰ্বে কেক কাটি জন্মদিন উদযাপন কৰে বিৰাট কোহলীয়ে।

আজি বিৰাট কোহলীৰ জন্মদিন আৰু ইয়াৰ প্ৰকৃত উদযাপন জিম্বাবুৱেৰ বিৰুদ্ধে জয়লাভ কৰাৰ পিছতহে হ’ব।

  • Share this:
টীম ইণ্ডিয়াই ৬ নৱেম্বৰত টি-২০ বিশ্বকাপ ২০২২ত জিম্বাবুৱেৰ বিৰুদ্ধে ছুপাৰ-১২ ৰাউণ্ডৰ অন্তিমখন মেচ খেলিব লাগিব। এই মেচখন মেলবৰ্ণত অনুষ্ঠিত হ’ব। ছেমি ফাইনেলৰ দুৱাৰদলিত থিয় দিছে টীম ইণ্ডিয়া। জিম্বাবুৱেৰ বিৰুদ্ধে খেলখনত জয়লাভ কৰাৰ লগে লগে ভাৰতে লাষ্ট-৪ত প্ৰৱেশ কৰিব। প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ জন্মদিনৰ ইয়াতকৈ ভাল উপহাৰ একো নাই। আজি বিৰাট কোহলীৰ জন্মদিন আৰু ইয়াৰ প্ৰকৃত উদযাপন জিম্বাবুৱেৰ বিৰুদ্ধে জয়লাভ কৰাৰ পিছতহে হ’ব।

ইয়াৰ পূৰ্বে মেলবৰ্ণত অনুশীলনৰ পূৰ্বে কোহলীয়ে জন্মদিনৰ কে'ক কাটিছিল। এই উপলক্ষে কোহলীৰ লগতে তেওঁৰ 'সংকটমোচনকাৰী'ও উপস্থিত আছিল। কাৰণ আজি অৰ্থাৎ ৫ নৱেম্বৰত তেওঁৰো জন্মদিন। এই সমস্যা সমাধানকাৰীজন আন কোনো নহয়, দলটোৰ মেন্টেল এণ্ড কণ্ডিচনিং প্ৰশিক্ষক পেডী আপটন। কোহলীৰ লগত কে'ক কাটি তাৰ পিছত দুয়োজনে ইজনে সিজনৰ মুখত কে'ক গুজি দিয়ে।

ইয়াৰ পিছত ঋষভ পন্তই কোহলী আৰু পেডী আপটনক কে'ক খুৱাইছিল আৰু বাকী খেলুৱৈসকলেও কে'কটোৰ সোৱাদ লৈছিল। সেই সময়ত টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আৰু বেটিং প্ৰশিক্ষক বিক্ৰম ৰাথোড়ো উপস্থিত আছিল। লগতে বিৰাটৰ জন্মদিনত মেলবৰ্ণত এটা সৰু ডিনাৰ পাৰ্টিও অনুষ্ঠিত হ’ব। এই পাৰ্টিত সকলো খেলুৱৈয়ে নিজৰ পৰিয়ালৰ সৈতে উপস্থিত থাকিব।



পেডি আপটন মেণ্টেল এণ্ড কণ্ডিচনিং প্ৰশিক্ষক
উল্লেখযোগ্য যে পেডী শেহতীয়াকৈ ভাৰতীয় ক্ৰিকেট দলৰ মেন্টেল কণ্ডিচনিং প্ৰশিক্ষক হিচাপে পৰিগণিত হৈছে। ২০১১ চনত এদিনীয়া বিশ্বকাপ জয় কৰা ভাৰতীয় দলৰ সৈতে তেওঁ এই ভূমিকা পালন কৰিছে। তেতিয়া গেৰী কাৰ্ষ্টেন আছিল দলটোৰ প্ৰশিক্ষক আছিল। এছিয়া কাপৰ পূৰ্বে পেডীয়ে কোহলীৰ সৈতে বহু সময় কটায়। ইয়াৰ পৰাও তেওঁ বহু লাভ হ'ল আৰু এছিয়া কাপৰ পৰা হেৰুৱা ফৰ্ম পুনৰ লাভ কৰিলে কোহলীয়ে আৰু টি-২০ বিশ্বকাপত তেওঁ সম্পূৰ্ণৰূপে পুৰণি ৰূপলৈ ঘূৰি আহিছে আৰু যদি ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰে, তেন্তে আটাইতকৈ ডাঙৰ কৃতিত্ব হ'ব কোহলীৰ।




সতীৰ্থ খেলুৱৈসকলেও বিৰাটৰ জন্মদিনৰ শুভেচ্ছা জনায়। ইয়াৰ ভিতৰত আছে কে এল ৰাহুল, হাৰ্দিক পাণ্ডিয়া আৰু মহম্মদ শ্বামী। বাংলাদেশৰ বিৰুদ্ধে কে এল ৰাহুলে অৰ্ধশতক অৰ্জন কৰে। ইয়াৰ পূৰ্বে তেওঁ বিৰাট কোহলীৰ সৈতে নেট অনুশীলনত বহু সময় কটাবলগীয়া হৈছিল আৰু কোহলীয়ে তেওঁক বেটিং টিপছ দিয়া দেখা গৈছিল।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি