গুৱাহাটীত শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতীয় দলে খেলা এই বৰ্ষৰ প্ৰথমখন এদিনীয়া খেলত বিৰাট কোহলীয়ে এক সুন্দৰ শতক অৰ্জন কৰে। এই শতকৰ সৈতে তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত মুঠ ৭৩টা শতক অৰ্জন কৰিছে। ইয়াৰ পূৰ্বে বিৰাট কোহলীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৭২টা শতক অৰ্জন কৰিছিল। ১০ জানুৱাৰী, ২০২৩ত শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথম এদিনীয়াত সংগ্ৰহ কৰা উজ্জ্বল শতক বিৰাটৰ ক্ৰিকেট কেৰিয়াৰৰ ৭৩তম শতক। তেওঁ উক্ত মেচখনত সৰ্বমুঠ ১১৩ ৰাণ সংগ্ৰহ কৰে। এই খেলত শতক অৰ্জনেৰে তেওঁ এদিনীয়া ক্ৰিকেটত মুঠ ৪৫তম শতক হয়। বৰ্তমানলৈ এদিনীয়া ক্ৰিকেটত লাভ কৰা দ্বিতীয় বৃহৎ সংখ্যক শতক অৰ্জনকাৰী হিচাপে পৰিগণিত হৈছে বিৰাট কোহলী।
উল্লেখ্য যে, তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ১০০টা শতক অৰ্জন কৰা ভাৰতৰ শচীন তেণ্ডুলকাৰৰ এক অভিলেখৰ সমতুল্য হৈছে। দৰাচলতে, শচীন তেণ্ডুলকাৰে এতিয়ালৈকে ভাৰতৰ মাটিত ২০ টা শতক অৰ্জন কৰিছে, আনহাতে কোহলীয়ে এতিয়ালৈকে ঘৰুৱা খেলত ১৯ টা শতক অৰ্জন কৰিছে। মঙলবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন কৰি কোহলীয়ে তেণ্ডুলকাৰৰ অভিলেখৰ প্ৰায় সমান হৈছে।
লগতে, এই শতকেৰে বিৰাটৰ এদিনীয়া খেলত মুঠ ৪৫টা শতক হয় যিয়ে তেওঁক দ্বিতীয় বৃহৎ সংখ্যক শতক অৰ্জনৰ খিতাপ দিছে। এতিয়ালৈকে শচীন তেণ্ডুলকাৰে এদিনীয়া খেলত সৰ্বমুঠ ৪৯টা শতক অৰ্জন কৰি বিশ্ব অভিলেখ গঢ়িছে যিটো অতি শীঘ্ৰেই বিৰাটে ভংগ কৰাৰ সম্ভাৱনা আছে।
ইয়াৰ পূৰ্বে, ২০২২ চনৰ শেষৰ ফালে বাংলাদেশৰ বিৰুদ্ধে খেলা এদিনীয়া শৃংখলাতো কোহলীয়ে শতক অৰ্জন কৰিছিল। ইয়াৰ পিছত তেওঁ ৰিকি পন্টিঙৰ ৭১ টা শতকৰ অভিলেখ অতিক্ৰম কৰে আৰু ৭২ টা আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰে।
বিগত বছৰ টি-২০ বিশ্বকাপ ২০২২ৰ সময়ত পাকিস্তানৰ বিৰুদ্ধে খেলখনত কোহলীয়ে ভাৰতক এক অসম্ভৱ বিজয় প্ৰদান কৰিছিল। য'ত তেওঁ ৫৩ টা বলত ৮২ ৰাণৰ এটা স্মৰণীয় ইনিংছ খেলিছিল। মন কৰিবলগীয়া যে, ইয়াৰ আগতে বিৰাটে প্ৰায় ৩ বছৰ ধৰি কোনো ফৰ্মেটত শতক অৰ্জন কৰিব পৰা নাছিল, যাৰ বাবে তেওঁ যথেষ্ট সমালোচনাৰ সন্মুখীনো হ'বলগীয়া হৈছিল। কিন্তু এছিয়া কাপ ২০২২ত তেওঁ আফগানিস্তানৰ বিৰুদ্ধে শতক অৰ্জন কৰি পুনৰ ফৰ্মলৈ উভতি অহাৰ ইংগিত দিয়ে।
Published by: Sehnaz Begum
FIRST PUBLISHED : January 11, 2023, 10:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।