পিতৃৰ মৃত্যুৰ পিছত সকলো সময়ত ওচৰত পাইছে মাতৃক। ইয়াৰ পূৰ্বেও বহুবাৰ কোহলীয়ে মাতৃৰ সৈতে ফটো শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত। কিন্তু বিশেষ দিন।
পিতৃৰ মৃত্যুৰ পিছত সকলো সময়ত ওচৰত পাইছে মাতৃক। ইয়াৰ পূৰ্বেও বহুবাৰ কোহলীয়ে মাতৃৰ সৈতে ফটো শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত। কিন্তু বিশেষ দিন।
সচৰাচৰ তেওঁক মাতৃৰ সৈতে ফটোত দেখা নাযায়। বেছিভাগ তেওঁ পত্নী অনুষ্কাৰ সৈতে ফটো শ্বেয়াৰ কৰে। আৰু কেতিয়াবা ব্ৰেণ্ড প্ৰমোচনৰ বাবে শ্বেয়াৰ কৰে পোষ্ট। কিন্তু আজি বিশেষ দিন। এনেকুৱা এটা দিনত মাতৃৰ সৈতে একপি ফটো শ্বেয়াৰ নকৰিবনে! বিৰাট কোহলীৰ আটাইতকৈ প্ৰিয় মানুহগৰাকীৰ আজি জন্মদিন।
আজি কোহলীৰ মাতৃ সৰোজ কোহলীৰ জন্মদিন। পিতৃক হেৰুওৱাৰ পিছত মাতৃ সৰোজ কোহলী হৈ পৰিছিল কোহলীৰ একমাত্ৰ আশাৰ থল। ভাল–বেয়া সকলো সময়তে মাতৃৰ আচলত শান্তি বিচাৰি পাইছিল কোহলীয়ে। কোহলীয়ে বহুবাৰ কৈছে যে তেওঁৰ জীৱনত পিতৃ–মাতৃৰ ভূমিকা আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ। কোহলীক ক্ৰিকেটত ভৰ্তি কৰোৱাৰ পৰা আৰম্ভ কৰি দৈনিক প্ৰশিক্ষণলৈ সময়মতে নিয়া, সকলো তেওঁর পিতৃয়ে কৰিছিল। পিতৃক সেয়ে প্ৰতিক্ষণতে মনত কৰে কোহলীয়ে।
পিতৃৰ মৃত্যুৱে হতাশ কৰি তুলিছিল কোহলীক। যিদিনা পিতৃৰ মৃত্যু হৈছিল সেইদিনা কোহলী আছিল বাহিৰত। মেচ খেলিবলৈ গৈছিল। পিতৃৰ মৃত্যুশোক বুকুত ৰাখিয়ে খেলপথাৰত নামিছিল কোহলী। পিতৃৰ মৃত্যুৰ পিছত সকলো সময়ত ওচৰত পাইছে মাতৃক। ইয়াৰ পূৰ্বেও বহুবাৰ কোহলীয়ে মাতৃৰ সৈতে ফটো শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত। কিন্তু বিশেষ দিন। মাতৃৰ জন্মদিন। এই বিশেষ দিনটোত মাতৃক জন্মদিনৰ শুভকামনা জনালে বিৰাটে। বৰ্তমান তেওঁ মাতৃৰ কাষত নাই। সেয়ে ছচিয়েল মিডিয়াত মাতৃৰ সৈতে ফটো শ্বেয়াৰ কৰি শুভেচ্ছা জনালে কোহলীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|