এছিয়া কাপত টীম ইণ্ডিয়াই ফাইনেলত প্ৰবেশ কৰিব নোৱাৰিলেও আজি আফগানিস্তান (Ind Vs Afghanistan)ৰ বিৰুদ্ধে এক বিৰাট অভিলেখ ৰচিলে বিৰাট কোহলি (Virat Kohli)য়ে। আফগানিস্তানৰ বিৰুদ্ধে শতকীয় ইনিংছ খেলি ক্ৰিকেটত ৭১টা শতক অৰ্জনৰ গৌৰৱ অৰ্জন কৰিলে কোহলিয়ে। ইয়াৰ লগে লগে কোহলিয়ে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনয়াক ৰিকি পণ্টিঙ (Ricky Ponting)ৰ অভিলেখ স্পৰ্শ কৰিলে।
পণ্টিঙৰ সৈতে এই মুহূৰ্তত সৰ্বাধিক শতক অৰ্জনৰ তালিকাৰ দ্বিতীয় স্থানত আছে কোহলি। কোহলিৰ সন্মুখত এতিয়া কেৱল ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ (Sachin Tendulkar)হে আছে। তেণ্ডুলকাৰে নিজৰ কেৰিয়াৰত মুঠ ১০০টা শতক অৰ্জনৰ কীৰ্তি গঢ়ি থৈছে।
বিৰাট কোহলীয়ে ১২টা চাৰি আৰু ছয়টা ছয়ৰ সহায়ত ৬২টা বলত ১২২ ৰান সংগ্ৰহ কৰে আৰু ২০১৯ চনৰ নৱেম্বৰৰ পিছত কোহলীয়ে প্ৰথমবাৰৰ বাবে শতক কৰিবলৈ সক্ষম হয়।
Published by: Manjumoni Borah
FIRST PUBLISHED : September 08, 2022, 22:02 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।